কলাইগাঁও, 13 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ বহু চৰ্চিত নয়নতৰা চহৰীয়া হত্যাকাণ্ডৰ ঘাটক অৱশেষত আৰক্ষীৰ জালত । শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ স্বামী তথা বিজ্ঞানৰ শিক্ষক উপেন বৰুৱা,জেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱা,কাম কৰা মহিলা যখোদা ৰাভা আৰু নেৱাজ আহমেদক ওদালগুৰি আৰক্ষীয়ে আটক কৰিছে ৷
নয়নতৰা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল উল্লেখযোগ্য যে,যোৱা ৬ জুলাইত পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া ৷ 7 জুলাইত ক্ষত-বিক্ষত,উলংগ অৱস্থাত ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ৰুমৰ ভিতৰত উদ্ধাৰ হৈছিল শিক্ষয়িত্ৰী গৰাকীৰ মৃতদেহ ৷
জানিব পৰা মতে,আৰক্ষীৰ তদন্তত প্ৰথম অৱস্থাৰ পৰা স্বামী উপেন বৰুৱাই বিভ্ৰান্তি সৃষ্টিৰ তথ্য প্ৰদান কৰি আহিছিল ৷ অৱশেষত শনিবাৰে নিশা জেৰাৰ বাবে ওপৰোক্ত চাৰিজন লোকক আটক কৰিছিল যদিও দেওবাৰে আনুষ্ঠানিক ভাৱে আৰক্ষীয়ে আটক কৰিছে লোক কেইজনক ৷
এই সম্পৰ্কত আজি কলাইগাঁও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কলাইগাঁও থানাত সাংবাদিকক সম্বোধন কৰি কয় যে,আৰক্ষীৰ অনুসন্ধান বৰ্তমানেও চলি আছে ৷ লগতে,আৰক্ষীয়ে জনাই যে,নয়নতৰা চহৰীয়াৰ হত্যাকাণ্ড সম্পূৰ্ণ পাৰিবাৰিক ঘটনা ৷ হত্যাকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল মহিলা গৰাকীক ৷ আনকি, হত্যাৰ পিচত স্বামী উপেন বৰুৱাই নিজেই পত্নীৰ মৃতদেহত এচিড ঢালি দিয়াৰ তথ্য সদৰি কৰিছে ৷
লগতে পঢ়ক : বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ