ওডালগুৰি,২০মে': ওডালগুৰিত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাত দুৰ্নীতি হোৱাৰ অভিযোগ তৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম' নামৰ সংগঠনটোৱে।ওডালগুৰিৰ লগতে সমগ্ৰ অসমতে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ নগৰ আৰু গ্ৰাম্য দুয়োটা শিতানতে দুৰ্নীতি হোৱাৰ অভিযোগ সংগঠনটোৰ।
ওডালগুৰিত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাত দুৰ্নীতিৰ অভিযোগ - press_club
সংবাদমেলযোগে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ নগৰ আৰু গ্ৰাম্য দুয়োটা শিতানতে দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে 'দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম' নামৰ সংগঠনটোৱে ।
![ওডালগুৰিত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাত দুৰ্নীতিৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3331590-801-3331590-1558341363706.jpg)
ওদালগুৰি প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ওদালগুৰি জিলাত এই আঁচনি দুখনৰ অধীনত নিৰ্মাণ হোৱা কেইবাটাও ঘৰৰ নিৰ্মাণ কাৰ্য শেষ নোহোৱাকৈয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে ৷ জিলাখনত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ (নগৰ ) ১২ টা ঘৰৰ এটা ঘৰো নিৰ্মাণ হোৱা নাই বুলিও অভিযোগ কৰে সভাপতিজনে। আনহাতে ঘৰ লাভ কৰাৰ বাবে হিতাধিকাৰীয়ে এগৰাকী ভি চি ডি চিৰ সভাপতিক ৫ হাজাৰ টকা ঘোচ দিব লগা হোৱা বুলি অভিযোগ কৰে সংগঠনটোৱে। সংগঠনটোৱে ওদালগুৰি জিলাত আঁচনি দুখনত অনিয়ম আৰু দুৰ্নীতি হোৱা বাবে ইয়াৰ তদন্ত বিচাৰি অতি শীঘ্ৰেই আৰক্ষী অধীক্ষকক এজাহাৰ দিব বুলি জানিবলৈ দিয়ে।