ওৰাঙত পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ - Orang
ওদালগুৰিৰ ওৰাঙত সংঘটিত হ'ল এক হত্যাকাণ্ডৰ ঘটনা ৷ পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ ৷ নিহত যুজক জন হ'ল সুজন বসুমতাৰী ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন পিতৃ তপন বসুমতাৰীৰ । ৩ সপ্তাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মৃত সুজন ৷
ওদালগুৰি,21জুনঃ ওদালগুৰিৰ ওৰাঙৰ আওনাজুলিত বৃহস্পতিবাৰে নিশা পিতৃৰ হাতত সদ্য বিবাহিত পুত্ৰৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে ওদালগুৰিত । জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত পুত্ৰ সুজন বসুমৰাৰী আৰু পিতৃ তপন বসুমতাৰীৰ মাজত সামান্য কথাতে কাজিয়াৰ সৃষ্টি হয় । এই কাজিয়াই পিছত হত্যাকাণ্ডৰ ৰূপ লয় । যাৰ পাচত পিতৃ তপন বসুমতাৰীৰ দাৰ ঘাপত থিতাতে নিহত হয় ২৫ বছৰীয়া পুত্ৰ সুজন বসুমতাৰী । উল্লেখ্য যে, নিহত সুজন বসুমতাৰীয়ে মাত্ৰ তিনি সপ্তাহৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । ইপিনে এই ঘটনা সংঘটিত কৰিয়েই ঘৰৰ পৰা পলায়ন কৰিছে পিতৃ তপন বসুমতাৰীয়ে ।