অসম

assam

বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

By

Published : Jul 13, 2019, 4:24 PM IST

জন্মু-কাশ্নীৰৰ কোম্পানীত কাম কৰিবলৈ ওলাই গৈ সন্ধানহীন হয় ওদালগুৰিৰ আৰাধন সিংহ নামৰ ব্যক্তিজন। বৰ্তমানেও সম্ভেদ পোৱা নাই ব্যক্তিজনৰ

বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

ওদালগুৰি,১৩জুলাই : বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । ৩ জুনত জন্মু-কাশ্মীৰৰ এটা কোম্পানীত কাম কৰিবলৈ ভনীয়েকৰ সৈতে ওলাই গৈছিল ওদালগুৰি জিলাৰ বৰঝাৰৰ আৰাধন সিংহ নামৰ ব্যক্তিজন। জন্মু- কাশ্মীৰলৈ গৈ থকা অৱস্থাতে হঠাৎ মানসিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ লৈছিল ব্যক্তিজনে। ব্যক্তিজনক লক্ষ্নৌৰ ৰেল ষ্টেচনত ভনীয়েকে এৰি আহিছিল আৰু তাৰ পাছৰ পৰাই ব্যক্তিজনৰ কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে । ৯দিন ধৰি ব্যক্তিজনৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোকে দলগাঁও আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। ইফালে, কোনো সচেতন ব্যক্তিয়ে সন্ধানহীন লোকজনৰ সম্ভেদ পালে 8638294279 অথবা 9895694431 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

ABOUT THE AUTHOR

...view details