অসম

assam

ETV Bharat / state

ওদালগুৰিত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ - বেচৰকাৰী সংস্থা

কৰ্মীসকলে বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিলে বেচৰকাৰী সংস্থাৰ কৰ্মীৰ গাড়ীৰ সন্মূখতে আত্মজাহৰ ভাবুকি প্ৰদান কৰাৰ লগতে শিক্ষা বিভাগৰ আমোলা সকলক দালাল আখ্যা দিয়ে সংগঠনটোৱে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰান্ধনী সকলৰ দৰমহা ৩ গুণ বৃদ্ধি কৰাৰ বাবে ফেব্ৰুৱাৰী মাহতে নিৰ্দেশ প্ৰদান কৰিছিল যদিও ৰাজ্য চৰকাৰে ৫ মাহ উকলি যোৱাৰ পিছতো নিৰ্দেশ কাৰ্যকৰী নকৰাৰ অভিযোগ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদিকা জাহানাৰা বেগমে।

ওদালগুৰি

By

Published : Aug 5, 2019, 6:52 PM IST

ওদালগুৰি, 5 আগষ্টঃ সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ওদালগুৰি চহৰ। সোমবাৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয়ভাৱে তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিয়া বন্ধ কৰা,ৰান্ধনী কৰ্মীৰ মজুৰী ১,০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰা,মধ্যাহ্ন ভোজন ক্ৰয় কৰা দায়িত্ব ৰান্ধনী কৰ্মীক প্ৰদান কৰা আদি দাবীৰে সংগঠনটোৱে উত্তাল কৰি তোলে সমগ্ৰ ওদালগুৰি।

ওদালগুৰি

ইয়াৰোপৰি ৰান্ধনী কৰ্মীসকলে বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিলে বেচৰকাৰী সংস্থাৰ কৰ্মীৰ গাড়ীৰ সন্মখতে আত্মজাহৰ ভাবুকি প্ৰদান কৰাৰ লগতে শিক্ষা বিভাগৰ আমোলা সকলক দালাল আখ্যা দিয়ে সংগঠনটোৱে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৰান্ধনী সকলৰ দৰমহা ৩ গুণ বৃদ্ধি কৰাৰ বাবে ফেব্ৰুৱাৰী মাহতে নিৰ্দেশ প্ৰদান কৰিছিল যদিও ৰাজ্য চৰকাৰে ৫ মাহ উকলি যোৱাৰ পিছতো নিৰ্দেশটো কাৰ্যকৰী নকৰাৰ অভিযোগ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদিকা জাহানাৰা বেগমে। এই প্ৰতিবাদী কাৰ্যসূচীত ওদালগুৰি,কামৰূপ,বাক্সা,নলবাৰী দৰং জিলাৰ কেইবা শতাধিক ৰান্ধনী কৰ্মীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধানলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details