ওদালগুৰি, 20 অক্টোবৰ:ওদালগুৰি জিলাৰ মাজবাটত দেওবাৰে ট্ৰাকৰ চেপাত মৃত্যু হ'ল এজন যুৱকৰ ৷ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা গেটৰ পৰা টিক্ৰীটোলালৈ যোৱা পথত দেওবাৰে দিনৰ 10মান বজাত এ এছ -১২ ই - ০৪৩১ নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে নীলা টি-চাৰ্ট আৰু এখন ৰঙীণ গামোচা পৰিহিত এজন যুৱকক ফলত থিতাতে নিহত হয় যুৱকজন ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ মৃতদেহ পৰি থকা অৱস্থাত পায় মাজবাট আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
মাজবাটত ট্ৰাকৰ চেপাত অচিনাক্ত যুৱকৰ মৃত্যু - Mazbaat accident update
ৰৌতা গেটৰ পৰা টিক্ৰীটোলালৈ যোৱা পথত সংঘটিত হ'ল এই শোকৱহ দুৰ্ঘটনা ৷ আৰক্ষীয়ে জব্দ কৰিলে দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক ৷
মাজবাটত ট্ৰাকৰ চেপাত অচিনাক্ত যুৱকৰ মৃত্যু
ইফালে ঘটনাৰ পাছত মাজবাট আৰক্ষীয়ে অভিযান চলাই ওৰাং - মাজবাট ৰূপা পথত ৰখাই থোৱা অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ পিছৰ চকাত তেজ লাগি থকা দেখি ট্ৰাকৰ চালক মনোজ ৰিৱাক আটক কৰে৷ আৰক্ষীৰ জেৰাত চালক জনে ট্ৰাকৰ পিছৰ চকাত লাগি যুৱকজনৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে ৷ বৰ্তমান মাজবাট আৰক্ষী থানাত ৰখা মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷ সোমবাৰে মৃতদেহটোৰ ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব ৷