ওদালগুৰি, 2 মাৰ্চঃ হাগ্ৰামাৰ মডেল বিটিচিত উন্নয়নে কি পৰ্যায় পাইছে আমি দেখুৱামা আপোনালোকক ৷ সততে বিটিচচিৰ সৰ্বত্ৰে উন্নয়ন সাধন হৈছে বুলি সভাই সমিতিয়ে জহাই ফুৰা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এটিপি পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে সাধাৰণ ৰাইজে ৷ এতিয়াও একাংশ লোকে খোৱা পানীৰ বাবে মান্ধাতা যুগৰ দৰে খাল, ডোঙৰ দূষিত পানী সেৱন কৰিব লগা হয় ৷ বিটিচিৰ সীমান্ত অঞ্চলত দেখা গৈছে উন্নয়নৰ বিপৰীত ছবি । ডিজিটেল ইণ্ডিয়াৰ যুগটো ওদালগুৰি জিলাৰ অসম অৰুণাচল সীমান্তৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং দেউচুংগুৰী গাঁওৰ ৰাইজে খাব লগা হৈছে নিজৰাৰ পানী । অঞ্চলটোত
হাগ্ৰামাৰ মডেল বিটিচিত ৰাইজে খায় নিজৰাৰ পানী
এতিয়াও একাংশ লোকে খোৱা পানীৰ বাবে মান্ধাতা যুগৰ দৰে খাল, ডোঙৰ দূষিত পানী সেৱন কৰিব লগা হয় ৷ বিটিচিৰ সীমান্ত অঞ্চলত দেখা গৈছে উন্নয়নৰ বিপৰীত ছবি ।
হাগ্ৰামাৰ মডেল বিটিচিত ৰাইজে খায় নিজৰাৰ পানী
নাই উপযুক্ত বাট পথ, নাই খোৱাপানীৰ কোনো আঁচনি৷ চিকিৎসালয়ৰ কথা নক'লেও হ'ব ৷ আমাৰ সাংবাদিক গৈ উপস্থিতি হৈছিল উক্ত অঞ্চলটোত৷ অতি ভিতৰুৱা অঞ্চলটোত যোগাযোগৰ কোনো সুব্যৱস্থা নাই ৷ একেদৰে বিদ্যুতৰো কোনো সা সুবিধা নাই ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক ধনদ্বীপ বৰাই যুগুতোৱা এক প্ৰতিবেদন...
লগতে চাওকঃকিয় বিধানসভাৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক শ্বেৰমান আলী আহমেদক ?