সৌভাগ্য আঁচনিঃ বিদ্যুৎ সংযোগ অবিহনে আহিল বিদ্যুতৰ বিল - শক্তি বিভাগ
ওদালগুৰিৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সৌভাগ্য আঁচনিৰ জৰিয়তে সংযোগ হোৱা বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ । সৌভাগ্য আঁচনিৰ বিদ্যুৎ সেৱা প্ৰদান কৰাৰ নামত ঠিকাদাৰে বিদ্যুতৰ তাঁৰ নতনাকৈয়ে কেৱল বিদ্যুতৰ খুঁটা পুতি দায়িত্ব সামৰিলে । কিন্তু বিদ্যুতৰ তাঁৰ সংযোগ নোহোৱাৰ পাছতো ধনশ্ৰীখুটিৰ ৰাইজক শক্তি বিভাগে প্ৰদান কৰিছে বিজুলীৰ বিল ৷
ওদালগুৰি,21আগষ্টঃ ওদালগুৰিত সৌভাগ্য আঁচনিৰ বিদ্যুৎ এতিয়া একাংশ লোকৰ বাবে হৈ পৰিছে দুৰ্ভাগ্য । ওদালগুৰিৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সংঘটিত হৈছে শক্তি বিভাগৰ আজৱ ঘটনা ৷ বিদ্যুৎ সংযোগ নকৰাকৈয়ে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে আহিল বিদ্যুতৰ বিল । গাঁওখনত ৪ মাহ আগতেই সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ কৰাৰ বাবে এই সমূহ বিদ্যুতৰ খুঁটা পুতিছিল । কিন্তু খুটা পুতিলে যদিও বৰ্তমান পৰ্যন্ত বিদ্যুৎ সংযোগৰ বাবে তাঁৰ নাতানিলে সৌভাগ্য আঁচনিৰ ঠিকা লাভ কৰা ঠিকাদাৰে । কেৱল এই দৰে বিদ্যুতৰ খুঁটা পুতি তাঁৰ নলগোৱাকৈ দায়িত্ব সামৰিলে ঠিকাদাৰে । কিন্তু বিদ্যুতৰ তাঁৰ সংযোগ নকৰাকৈয়ে এইসকল লোকক শক্তি বিভাগে প্ৰদান কৰিছে ২০০০ পৰা ২৪০০০ টকা পৰ্যন্ত বিদ্যুতৰ মাচুল । ওদালগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনে কাণ্ড সংঘটিত হোৱা বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰে৷