অসম

assam

By

Published : Mar 2, 2019, 11:31 PM IST

ETV Bharat / state

লোকসভা নিৰ্বাচৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত এখন সজাগতা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত( নিৰ্বাচনী) অমৰ জ্যোতি বৰ্মন আৰু নিৰ্বাচনী বিষয়া নিলোৎপল পাঠক ।

UDALGURI DISTRICT ADMINISTRATION

ওদালগুৰি, 2 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ সকলো প্ৰান্ততে হৈ - ছৈৰ সৃষ্টি হৈ থকাৰ সময়তে সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন । সমাগত নিৰ্বাচনৰ পূৰ্বে আজি ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হয় এখন সজাগতা সভা । সভাত উপস্থিত থাকে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত( নিৰ্বাচনী) অমৰ জ্যোতি বৰ্মন আৰু নিৰ্বাচনী বিষয়া নিলোৎপল পাঠক ।

UDALGURI DISTRICT ADMINISTRATION
সভাত নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা সমূহৰ বিষয়ে সবিশেষ জনায় জিলা প্ৰশাসনে । নতুন নিৰ্দেশনা অনুসৰি এইবাৰ প্ৰাৰ্থী সকলে যদি তেওঁলোকৰ ওপৰত কিবা গোচৰ আছে সেই সমূহ বহুল প্ৰচাৰিত বাতৰি কাকতত তিনিটাকৈ বিজ্ঞাপন আৰু ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰে ৰাইজক জনাব লাগিব । ইয়াৰ লগতে এইবাৰ নিৰ্বাচনত কেইবাটাও নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব বুলি জনায় জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

ৰাজনৈতিক দল আৰু সাংবাদিক সকলক সম্বোধন কৰা সভাখনত নিৰ্বাচনী বিষয়ৰ অগ্ৰগতি আৰু পদক্ষেপৰ বিষয়ে অৱগত কৰি জনায় যে আয়োগৰ নতুন নিয়মে বিজয়ৰ ক্ষেত্ৰত প্ৰাৰ্থীক আউল লগাব পাৰে । এইবাৰ নিৰ্বাচনত EVM মেচিনৰ লগত নতুনকৈ সংযোগ হোৱা VVPAT মেচিনৰো প্ৰদৰ্শন কৰে প্ৰশাসনে । এই মেচিনৰ ফলত ভোট দানৰ পিছত থকা সন্দেহ আৰু নাথাকে বুলিও জনাই প্ৰশাসনে । লগতে জিলাখনৰ অন্তৰ্ভুক্ত তিনিটা বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আৰু ভোট কেন্দ্ৰৰ সংখ্যাৰো হিচাপ দিয়ে প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details