অসম

assam

ETV Bharat / state

ওদালগুৰিত বিটিএডিৰ ডিআইজি ভায়োলেট বৰুৱাৰ সংবাদমেল - Udalguri Deputy inspector general BTAD Violet baruah pressmeet regarding Corona virus

ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিটিএডিৰ ডিআইজি ভায়োলেট বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি উৰা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ কৰা হব বুলি জানিব দিয়ে।

ডিআইজি ভায়লেট বৰুৱা
ডিআইজি ভায়লেট বৰুৱা

By

Published : Mar 28, 2020, 6:30 PM IST

ওদালগুৰি, 28 মাৰ্চ : দেওবাৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিটিএডিৰ ডিআইজি ভায়োলেট বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি কৰ'ণা সন্দৰ্ভত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে ৷ সংবাদমেলখনত কৰ'ণা ভাইৰাছৰ অপপ্ৰচাৰক লৈ সৌচ্চাৰ হৈ পৰে আৰক্ষী বিষয়াগৰাকী। এই সময়ছোৱাত ছ'চিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিষয়াগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

ডিআইজি ভায়লেট বৰুৱা

সংবাদমেলৰ জৰিয়তে ওদালগুৰিত ল'কডাউন সুশৃংখলভাৱে পালন কৰা বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰক্ষীৰ লোকসকলকো এই মহামাৰীৰ পৰা সাৱধানে থাকি সেৱা আগবঢ়াবলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়। ইপিনে বিশ্বৰ এই দুৰ্যোগৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে।

ওদালগুৰিত সংবাদমেল

উল্লেখ্য যে ডিআইজি ভায়োলেট বৰুৱাৰ নিজা উদ্যোগত নিচলা লোকসকলক ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। বিগত দুটা দিনতো বিষয়াগৰাকীয়ে কেবাজনো দৰিদ্ৰ লোকক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰে ৷

ওদালগুৰিত সংবাদমেল

লগতে পঢ়কঃ মহানগৰীত উদ্ধাৰ নাহৰফুটুকীৰ পোৱালি

ABOUT THE AUTHOR

...view details