অসম

assam

By

Published : Mar 12, 2020, 12:08 PM IST

ETV Bharat / state

ওদালগুৰিৰ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি

সত্ৰীয়া পৰম্পৰা অনুসৰি ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দেওবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ সামৰণি পৰে । দৌল উৎসৱৰ সামৰণি দিনটোত উখল মাখল হৈ পৰিল সমগ্ৰ ওদালগুৰি ।

ওদালগুৰিৰ  শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি
ওদালগুৰিৰ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি

ওদালগুৰি, 12 মাৰ্চ :সত্ৰীয়া পৰম্পৰা অনুসৰি ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দেওবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ বুধবাৰে সামৰণি পৰে । দৌল উৎসৱৰ সামৰণি দিনটোত উখল-মাখল হৈ পৰিল সমগ্ৰ ওদালগুৰি ।

আকৰ্ষনীয় বাঁহ ভগা খেল

বুধবাৰৰ দিনটো অর্থাৎ সুঁৱেৰী উৎসৱ (হোলী উৎসৱ)ৰ দিনটোত ওদালগুৰিৰ ৰাইজে ৰাজহুৱাকৈ হোলী খেলাৰ লগতে শ্রীমন্ত শংকৰদেৱৰ সত্ৰৰ পৰা অনুষ্ঠিত কৰে ঘুনুচা যাত্ৰা । ইয়াৰ পিছতে সত্ৰ চৌহদত অনুষ্ঠিত হয় আকৰ্ষনীয় বাঁহ ভগা প্ৰদৰ্শন ।

ওদালগুৰিৰ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি

দৌল উৎসৱৰ অন্তিমটো দিনত ওদালগুৰিৰ শ্রীমন্ত শংকৰদেৱ সত্ৰত হাজাৰ হাজাৰ লোকে ভিৰ কৰাৰ লগতে হোলী খেলত অংশগ্ৰহণ লোৱা পৰিলক্ষিত হয় । পৰম্পৰা অনুসৰি কৃষ্ণ গোঁসাইক গৃহ (মণিকূট) প্ৰৱেশ কৰোৱাৰ পাছতে শ্ৰী কৃষ্ণ দৌল উৎসৱৰ সামৰণি পৰে ।

ABOUT THE AUTHOR

...view details