অসম

assam

ETV Bharat / state

মোবাইল ফোন চাৰ্জক কেন্দ্ৰ কৰি হত্যাকাণ্ডঃ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড - মাজুলী গ্ৰেন্ট গাঁও

২০১৬ চনৰ ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত মাজুলী গ্ৰেন্ট গাঁৱত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ওদালগুৰিৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে । মোবাইলত চাৰ্জ দিয়াকলৈ হোৱা সংঘাতৰ ফলত মহেশ কছাৰী নামৰ লোক জনে হত্যা কৰিছিল ৰাজু বৰাইক নামৰ যুৱক জনক ৷

মোবাইল ফোন চাৰ্জক লৈ হত্যাকাণ্ডঃ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

By

Published : Jul 24, 2019, 11:49 PM IST

ওদালগুৰি, 23 জুলাইঃওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত মাজুলী গ্ৰেন্ট গাঁৱত ২০১৬ চনত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ওদালগুৰিৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে । হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১২/১৬ নম্বৰত এক গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ ভিত্তিতে ওদালগুৰিৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশ নিৰ্মালী তালুকদাৰৰ আদালতত চলি থকা ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ৫৩/১৬ নম্বৰৰ গোচৰৰ ৰায় দান কৰি অভিযুক্তৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে ৷

ঘটনাৰ বিৱৰণী অনুসৰি ২০১৬ চনৰ ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩০ বজাত মাজুলী গ্ৰেণ্ট গাঁৱৰ মহেশ কছাৰীৰ ঘৰত ৰাজু বৰাইক(২৭) নামৰ যুৱক জনে মোবাইল চাৰ্জ দিবলৈ গৈছিল । কিন্তু ইয়াকে লৈ দুয়োৰে মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ । ইয়াৰ পাছতে মহেশ কছাৰীয়ে ঘৰৰ ভিতৰৰ পৰা এখন কুঠাৰ উলিয়াই আনি দুৰ্ভগীয়া ৰাজু বৰাইকক উপৰ্যুপৰি আক্ৰমণ কৰাত মৃত্যুক সাৱতি লয় যুৱক জনে। পিছত এই ঘটনা সন্দৰ্ভত ৰাজু বৰাইকৰ পৰিয়ালে হৰিশিঙা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে ৷

লগতে পঢ়কঃ পুনৰ পুৱতি নিশা ভূটানে এৰিব পানী

ABOUT THE AUTHOR

...view details