ওদালগুৰিত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কোঁচ ৰাজবংশীৰ - ওদালগুৰিৰ মনপুৰত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ
এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা হাজাৰ হাজাৰ কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ পিছতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আক্ৰাছু আৰু কোঁচ ৰাজবংশী সন্মিলনীয়ে । ওদালগুৰিৰ মনপুৰত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷
ওদালগুৰি,15 চেপ্তেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা হাজাৰ হাজাৰ কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ লগতে নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত হোৱা বিভিন্ন বিসংগতিৰ প্ৰতিবাদত দেওবাৰে ওদালগুৰিৰ মনপুৰত আক্ৰাছু আৰু কোঁচ ৰাজবংশী সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠন কেইটাৰ নেতৃত্বত শতাধিক কোঁচ ৰাজবংশী লোকে প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি কোঁচ ৰাজবংশী সকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰক, প্ৰতীক হাজেলা হায় হায় আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আন্দোলনকাৰী সকলে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰিবৰ বাবে বিদেশী ন্যায়াধীকৰণলৈ নোযোৱাৰো হুংকাৰ দিয়ে ৷ লগতে এন আৰ চি কৰ্তৃপক্ষই ঘৰে ঘৰে আহি কোঁচ ৰাজবংশীসকলৰ নাম সমূহ অন্তৰ্ভূক্ত কৰিবলৈ দাবী কৰে । যদি এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষ তথা চৰকাৰে বিহিত ব্যৱস্থা নলয় তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷