অসম

assam

ETV Bharat / state

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

বিজেপিত যোগদান নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু, বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকে ৷

By

Published : Sep 22, 2019, 10:05 PM IST

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

ওদালগুৰি, 22 ছেপ্টেম্বৰঃদেওবাৰে ওদালগুৰিত বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু, বিপিএফৰ কৰ্মী সহ কেইবা শতাধিক লোকৰ ৷ মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিটিচি নিৰ্বাচনকলৈ ৰণশিঙা বিজেপিৰ ।

বিজেপিত যোগদান এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক সহ শতাধিক লোকৰ

বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আত ধৰা এই সভাত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়োয়ে বিজেপিত যোগদান কৰি আগন্তুক দিনত দলটোৰ যোগেৰে ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু বিজেপি দলক ভূয়সী প্ৰশংসা কৰে । অনাগত সময়ত বিটিচিত কেৱল বিজেপি দলহে থাকিব বুলি মন্তব্য কৰি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি দাবী কৰে প্ৰাক্তন এবছু নেতাগৰাকীয়ে ।

এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে অংশ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে বিটিচি নিৰ্বাচনত ৰাইজে বিচৰা ধৰণেই দলটোৱে প্ৰস্তুতি চলাব বুলি মন্তব্য কৰে । ইপিনে ওদালগুৰি জিলাত প্ৰায় এক লাখ লোকে বিজেপি দলত যোগদান কৰা বুলিও প্ৰকাশ কৰে সাংসদ জনে ৷ এই সভাত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি কাৰ্তিক বড়ো, যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱ জ্যোতি শৰ্মা, জ্যেষ্ঠ বিজেপি নেতা শৰৎ বসুমতাৰীৰ লগতে বহু কেইজন বিজেপি নেতা ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details