অসম

assam

By

Published : Jan 28, 2020, 11:23 PM IST

ETV Bharat / state

গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য নিদিলে, হাতত অস্ত্ৰ তুলি ল'ব কোচ ৰাজবংশীয়ে: অতুল বৰ্মন

তৃতীয় বড়ো চুক্তি স্বাক্ষৰৰ পাছত ৰাজ্যত বাস কৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক জনজাতি কৰণৰ দাবীত উত্তাল ওডালগুৰি ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কেবল বন্দুকৰ ভাষাহে বুজি পায় আৰু যদি গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নিদিয়ে তেনেহ'লে ৰাজ্যৰ কোচ ৰাজবংশী জনসাধাৰণে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য হ'ব ৷ লগতে বিজেপি দলৰ লগত জড়িত প্ৰতিজন কোচ জনগোষ্ঠীৰ লোকক বিজেপি ত্যাগ কৰিবলৈ আহ্বান আক্ৰাছুৰ ৷

Udaguri  Kush Rajbanshi  demand Tribal Identity
গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য নিদিলে, হাতত অস্ত্ৰ তুলি ল'ব কোচ ৰাজবংশীয়ে: অতুল বৰ্মন

ওদালগুৰি, 28 জানুৱাৰী:নতুন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই ৰাজ্যত বসবাস কৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক জনজাতিকৰণৰ দাবীত মঙলবাৰে উত্তাল হৈ পৰে ওদালগুৰি জিলাৰ ৰৌতা ইকৰাবাৰী অঞ্চল । কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ গাৰাম পূজা উপলক্ষে ইকৰাবাৰী গাঁৱত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আক্ৰাছুৰ সভাপতি অতুল বৰ্মন ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কেবল বন্দুকৰ ভাষাহে বুজি পায় আৰু যদি গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নিদিয়ে তেনেহ'লে ৰাজ্যৰ কোচ ৰাজবংশীৰ জনসাধাৰণে হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ।

তৃতীয় বড়ো চুক্তি‌‌ সন্দৰ্ভত মন্তব্য কৰি কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ প্ৰতি আৰু জনজাতিকৰণৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনাকৈ কেৱল এটা জনগোষ্ঠীক সন্তুষ্ট কৰিব বিচৰাটো কোনো চৰ্ততে মানি ল'ব নোৱাৰি বুলিও মন্তব্য কৰে আক্ৰাছু সভাপতিগৰাকীয়ে । লগতে অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ প্ৰস্তাৱক কা' বিৰোধী আন্দোলন দমনৰ এক কৌশল মাত্ৰ, কাৰণ কোনো এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ নোহোৱাকৈ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কোনো অৰ্থ নাথাকে বুলি উল্লেখ কৰে সভাপতি অতুল বৰ্মনে ।

গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য নিদিলে, হাতত অস্ত্ৰ তুলি ল'ব কোচ ৰাজবংশীয়ে: অতুল বৰ্মন

লগতে পঢ়ক: দ্বি-খণ্ডিত বড়ো আৰু ত্ৰি-পাক্ষিক চুক্তি

এই সভাতে আক্ৰাছুৰ উপদেষ্টা সমীৰণ সিংহই বিজেপি চৰকাৰক চূড়ান্ত মিথ্যাচাৰি শাসক বুলি আখ্যা দি বিজেপি দলৰ লগত জড়িত প্ৰতিজন কোচ জনগোষ্ঠীৰ লোকক বিজেপি ত্যাগ কৰিবলৈ আহ্বান জনাই । অন্যথাই ভয়াৱহ প্ৰতিবাদৰ সম্মুখীন হ'বলৈ সঁকীয়নি প্ৰদান কৰে । ইয়াৰ পূৰ্বে গাৰাম উৎসৱৰ পতাকা উত্তোলনৰ পিছতেই পাৰম্পৰিক ভাবে কোচ জনগোষ্ঠীয়‌ দেউৰী সকলে গাৰাম পূজা কৰি ভগৱান শিবৰ আৰধনা কৰে । এই উপলক্ষে আয়োজন কৰা মুকলি সভাত হিউমেন ৰাইটচ্ এক্সন কাউন্সিলৰ সঞ্চালক ডঃ‌পৰশমনি সিংহ, সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী মনিকা ৰায়, সম্পাদিকা দীপামনী ৰায় আদি কেবাজনো লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক:BTR চুক্তি স্বাক্ষৰিত কৰি গুৱাহাটীত উপস্থিত বড়ো নেতৃত্ব

ABOUT THE AUTHOR

...view details