অসম

assam

ETV Bharat / state

ৰৌতাত ট্ৰাক হাইজেকৰ ঘটনা - ৰৌতা

লাইলংপাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈ এক চাঞ্চল্যকৰ ট্ৰাক হাইজেকৰ ঘটনা ৷ জালত পৰিল এজন অভিযুক্ত  ৷

ৰৌতাত ট্ৰাক হাইজেকৰ ঘটনা

By

Published : Mar 17, 2019, 9:28 PM IST

শনিবাৰে পুৱতি নিশা ২:৩০ বজাত ৰৌতা থানাৰ অন্তৰ্গত লাইলংপাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক চাঞ্চল্যকৰ ট্ৰাক হাইজেকৰ ঘটনা । পাচিঘাটৰ পৰা শিলিগুৰিলৈ গৈ থকা ১২ চকীয়া AS-22-C-5806 নম্বৰৰ ট্ৰাক খনক পথৰ ওপৰতে AS-13 J 7931 নম্বৰ এখন ছুইফ গাড়ীয়ে আগ ভেটি ধৰি ট্ৰাক খনত থকা ড্ৰাইভাৰ , হেণ্ডিমেন সহ গাড়ী খনত থকা আন এজন কৰ্মচাৰীক চৰকাৰী বিষয়াই গাড়ীৰ তালাচী চলাবলৈ আহিছে বুলি কয়। দলটোৱে ছুইফট গাড়ী খনত ছাৰ থকা বুলি কয় ছাৰক লগ কৰিবৰ বাবে নিৰ্দেশনা দিয়ে ।

ৰৌতাত ট্ৰাক হাইজেকৰ ঘটনা
ইয়াৰ পিছতে চুইফত গাড়ীত থকা ছাৰ বুলি কোৱা লোক জনে গাড়ী খনত আপত্তি জনক বস্তু আছে বুলি কৈ থানালৈ ট্ৰাকখন লৈ যাব বুলি কৈ ট্ৰাকৰ কৰ্মচাৰী কেইজনক নিজৰ চুইফট গাড়ী খনত লৈ আনে । কিছু সময়ৰ পিছতে ট্ৰাকৰ কৰ্মচাৰী কেইজনক বন্দুক দেখুৱাই দুৰ্বৃত্তৰ দলটোৱে চকুত কাপোৰ বান্ধি অজ্ঞাত ঠাইত পেলাই যায় লগতে মোবাইল, টকা সকলো লুটি লৈ যায় । ৰাতিপুৱা এই সন্দৰ্ভত ট্ৰাক খনৰ ড্ৰাইভাৰ ফিৰোজ খানে ৰৌতা আৰক্ষী থানাত খবৰ দিয়াত অভিযান আৰম্ভ কৰে আৰক্ষীয়ে । ড্ৰাইভাৰে দুৰ্বৃত্তই ব্যৱহাৰ গাড়ী খন কেৱল AS-13 নম্বৰৰ, ৰঙা ৰঙৰ গাড়ী আৰু পিছ পিনৰ লাইটতো ভগা বুলিহে জনাবলৈ সক্ষম হয় আৰক্ষীক । এই তথ্যৰ ভিত্তিতে ৰৌতা আৰক্ষীয়ে অভিযান চলাই শনিবাৰে দলগাঁৱৰ পৰা ঘটনাত ব্যৱহৃত গাড়ী খনৰ লগতে আটক কৰে ঘটনাৰ অভিযুক্ত মকচেদ আলিক । আৰক্ষীয়ে মকচেদ আলিক লগত লৈ অভিযান চলাই ৰঙিয়াৰ পৰা হাইজেক হোৱা ট্ৰাক খনো উদ্ধাৰ কৰিব সক্ষম হয় । অৱশ্যে ট্ৰাক খনৰ বিকি নামৰ কৰ্মচাৰী জন এতিয়াও নিৰূদ্দিষ্ট হৈ আছে । আনহাতে ঘটনাৰ মূল অভিযুক্ত চহৰ আলি এতিয়াও পলাতক অৱস্থাত আছে ৷

ABOUT THE AUTHOR

...view details