অসম

assam

ETV Bharat / state

অৰুণাচলত অসমৰ ট্ৰাক চালকক অত্যাচাৰৰ অভিযোগ - অৰুণাচলত অসমৰ ট্ৰাক চালকক অত্যাচাৰৰ অভিযোগ

বুধবাৰে মাজবাটৰ লালপানীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ট্ৰাক চালকে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা একাংশ ট্ৰাক চালকৰ ওপৰত অত্যাচাৰ চলায় অৰুণাচলৰ লোকসকলে ৷

a_udl_truck_driver_protest_visual1_byte5_as0007
a_udl_truck_driver_protest_visual1_byte5_as0007

By

Published : Jun 17, 2020, 10:47 PM IST

ওদালগুৰি, 17 জুনঃ অৰুণাচলৰ লোকে অসমৰ ট্ৰাক চালকৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা একাংশ ট্ৰাক চালকে ৷ যাৰ বাবে বুধবাৰে মাজবাটৰ লালপানীত প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালকসকলে ৷ অৰুণাচলী লোকৰ অত্যাচাৰৰ বাবেই অৰুণাচললৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক চালকে আজিৰে পৰা অৰ্নিদিষ্ট কাললৈ অৰুণাচললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বন্ধ কৰিব বুলি জানিবলৈ দিয়ে ৷

অৰুণাচলত অসমৰ ট্ৰাক চালকক অত্যাচাৰৰ অভিযোগ

ভুক্তভোগী চালক সকলে জানিবলৈ দিয়ে যে, লক ডাউনৰ পাচৰ পৰাই তেওঁলোকৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলাই গৈছে অৰুনাচলী লোক সকলে ৷ অভিযোগ অনুসৰি, অৰুণাচলৰ পথত গাড়ী ৰাখিলেই ভাবুকি প্ৰদান কৰে ৫০ হাজাৰকৈ টকাৰ জৰিমনা দিয়াৰ ৷ তেওঁলোকৰ গাড়ীৰ দৰ্জাসমূহো বন্ধ কৰি দিয়ে ৷ যাৰ ফলত ঘন্টাৰ পিচত ঘন্টা ধৰি তেওঁলোকে অসহ্য গৰমত আবদ্ধ হৈ থাকিবলগীয়া হয় গাড়ীৰ ভিচৰতেই ৷ অৰুণাচলৰ পথৰ কোনো ঠাইত ৰাখিব নোৱাৰে অসমৰ পৰা সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহ ৷ পথৰ কাষত ট্ৰাক ৰাখিলেই মাৰপিট কৰাৰ ভাবুকি প্ৰদান কৰে ট্ৰাক চালক সকলক ৷ চালক সকলক অৰুণাচলত খোৱা-বোৱাও কৰিবলৈ নিদিয়ে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সকলে ৷ এনেধৰণৰ ভিন্ন অভিযোগেৰে বুধাবৰে অৰুণাচললৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বন্ধ কৰি ধৰ্মঘট পালন কৰে চালক সকলে ৷

লগতে পঢ়কঃনিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details