অসম

assam

ETV Bharat / state

ETV BHARATৰ বাতৰি সম্প্ৰচাৰৰ পাছতেই গা লৰিল বন বিভাগৰ - ETV Bharat news impact

অসম মালা আঁচনিৰ অধীনত বৃক্ষৰোপনৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগৰ ভিত্তিত ETV BHARATত বাতৰি সম্প্ৰচাৰৰ পাছতেই গা লৰিল বন বিভাগৰ(Allegations of scam in tree plantation scheme) । ওদালগুৰি জিলা বন বিভাগ বাতৰি সম্প্ৰচাৰৰ পিছতে লৰালৰিকৈ আহি ৰোপন কৰিলে গছপুলি ।

tree plantation took place after news broadcast
বাতৰি সম্প্ৰচাৰৰ পাছতেই গা লৰিল বন বিভাগৰ

By

Published : Sep 23, 2022, 2:13 PM IST

ওদালগুৰি,২৩ ছেপ্টেম্বৰ:ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ(ETV Bharat news impact) । বাতৰি সম্প্ৰচাৰৰ পিছতে গা-লৰিল মাজবাট আঞ্চলিক বন সংমণ্ডলৰ । প্ৰায় দুবছৰে আঁচনি ৰূপায়ন কৰিবলৈ সময় নোপোৱা বন বিভাগে বাতৰি সম্প্ৰচাৰৰ পিছতে লৰালৰিকৈ আহি ৰোপন কৰিলে গছপুলি । উল্লেখ্য যে ওদালগুৰি জিলা বন বিভাগত ২২ লাখ ৩০ হাজাৰ টকাৰ বৃক্ষৰোপণ আঁচনিৰ বৃহৎ কেলেংকাৰীৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছিল(Allegations of scam in tree plantation scheme) ।

অসম মালা আঁচনিৰ দলগাঁৱৰ পৰা কৌপাটি লৈ যোৱা পথৰ দুয়োকাষে থকা গছ কটা, বৃক্ষৰোপণ আৰু ৫ বছৰৰ বাবে গছপুলিসমূহ তত্বাৱধান কৰাৰ নামত আৱন্টিত হৈছিল ২২ লাখ ৩০ হাজাৰ টকা । উক্ত আঁচনিৰ বৃক্ষৰোপণ নকৰাকৈয়ে সমস্ত ধন মুকলাই নিয়াৰ অভিযোগ কৰিছিল স্থানীয় ৰাইজ,দল-সংগঠনে । ওদালগুৰিৰ ধনশ্ৰী বনসংমণ্ডলৰ প্ৰাক্তন বন বিষয়া নৱ কুমাৰ বৰদলৈয়ে নিজা বেংক একাউন্টৰ জৰিয়তে ২২ লাখ ৩০ হাজাৰ টকা মুকলাই নিয়াৰ অভিযোগ কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ বড়ো বাজাৰ আঞ্চলিক সমিতিয়ে ।

বাতৰি সম্প্ৰচাৰৰ পাছতেই গা লৰিল বন বিভাগৰ

এই সন্দৰ্ভত যোৱা ১৭ চেপ্তেম্বৰ তাৰিখে ETV Bharatত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল । বাতৰিৰ পিছতে থৰকাছুটি হেৰাই আজি বন বিভাগৰ লোকে উক্ত স্থানত বৃক্ষৰোপণ কৰা পৰিলক্ষিত হয় । মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বীট অফিচাৰ মিণ্টু বড়োৰ নেতৃত্বত অহা দলটোৱে ওদালগুৰি জিলাৰ গড়াঘাটৰ পৰা কৌপাটী দলংলৈকে প্ৰায় ২০০ গছপুলি ৰোপণ কৰে ।

আনহাতে ২২ লাখ ৩০ হাজাৰ টকাৰ বৃক্ষৰোপণ আঁচনিৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত জানিব বিচৰাত বন কৰ্মী সকল সেই বিষয়ে জ্ঞাত নহয় আৰু জিলা বন বিষয়াৰ নিৰ্দেশমৰ্মে হে তেওঁলোক গছপুলি ৰোপণ কৰিবলৈ আহিছে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হ’ব ডিব্ৰুগড় জিলা দিৱস

For All Latest Updates

ABOUT THE AUTHOR

...view details