দৌলগোবিন্দ মন্দিৰৰ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Visits Doul Govinda temple) ৷ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷
Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন(Rajya Sabha Election 2022) । ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব পৱিত্ৰ মাৰ্ঘেৰিটা (BJP names Pabitra Margherita for one Rajya Sabha seat) । এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা নাই নিজা অথবা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ।
তিনিচুকীয়াত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ৰঙৰ উৎসৱ হোলী বা ফাকুৱা উদযাপনৰ মাজতে তিনিচুকীয়াত পথ দুৰ্ঘটনা (Tinsukia Road accident amidst Holi) ৷ শনিবাৰে নিশা মাকুম বাইপাছৰ নিৰ্মলা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত নিহত হৈছে এগৰাকী লোক (One person dead in a road accident) ৷
পুনৰ আলফামুখী অসমীয়া যুৱক
উজনি অসমৰ 5 জন যুৱকে পুনৰ আলফা স্বাধীনলৈ যোৱাৰ কথা জানিব পৰা হৈছে (Five Assam boys suspected to join ULFA-I) । বৃহস্পতিবাৰে বিয়লি যুৱককেইজন ম্যানমাৰত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদানৰ বাবে যোৱা যুৱককেইজন অন্যতম হৈছে দৰং জিলাৰ দেওমৰনৈৰ কুমাৰপাৰাৰ হীৰকজ্যোতি বৰা ৷
বৰপেটাত দোকানী ব্যৱসায়ীসকলে ভাগ ল’লে ফাকুৱাত
দৌল বুলি কলেই বৰপেটাবাসীৰ মনলৈ আহে এক অনাবিল সুখ, এক অনন্য সুখৰ আকৰ ৷ চৌদিশে দৌলৰ আনন্দত সত্ৰনগৰী বৰপেটাবাসী মছগুল ৷ এই দৌল উৎসৱৰ আনন্দৰ মাজতেই বৰপেটাৰ দোকানী ব্যৱসায়ীসকলে নিজৰ দোকানৰ সন্মুখত ভাগ লৈছে হোলীগীতৰ আনন্দত ৷