দৰং, 28ছেপ্টেম্বৰ:ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিছাত ভয়ংকৰ ঘটনা ৷ ক'ভিড টেষ্টৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ ।
প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ মাজবাট চাহ বাগিচাৰ ৯ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ বাবে চাহ বাগিছা খনৰ কৰ্মচাৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বাগিছাখনত উপস্থিত হৈছিল এটা স্বাস্থ্য কৰ্মীৰ দল ৷ কিন্তু ইয়াৰ পাচতে উত্তেজিত হৈ পৰে বাগিছা খনৰ একাংশ লোক । উত্তেজিত একাংশই লণ্ড ভণ্ড কৰে মাজবাট চাহ বাগিছাৰ ক্লাব ঘৰৰ আচবাব । ক'ভিড টেষ্ট কৰিবলৈ অমান্তি হৈ লোকসকলে আক্ৰমণ কৰে স্বাস্থ্যকৰ্মীক দলটোক৷ এই আক্ৰমণত কেইবাজনো স্বাস্থ্যকৰ্মী আহত হয় ৷