ওদালগুৰি,14 ছেপ্টেম্বৰঃ"এনডিএফবিৰ পূৰ্বৰ সভাপতি ধীৰেন বড়োৱে নিজৰ গাদী আৰু নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে নতুন সংগঠন গঠন কৰিছে" ৷ শনিবাৰে ওদালগুৰিৰ সাপেখাইটিস্থিত এন ডি এফ বিৰ প্ৰগতিশীলৰ ডেজিগনেটেড শিবিৰত অনুষ্ঠিত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এই মন্তব্য কৰে ৷
এন ডি এফবি প্ৰগতিশীলে পৃথক বড়ো ৰাজ্যৰ বাবে সংগ্ৰাম চলাই নিবঃ গোবিন্দ বসুমতাৰী - ধীৰেন বড়ো
ওদালগুৰিৰ সাপেখাইটিস্থিত এন ডি এফ বিৰ প্ৰগতিশীলৰ ডেজিগনেটেড শিবিৰত অনুষ্ঠিত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে এই মন্তব্য কৰে ৷
শনিবাৰে এন ডি এফ বিৰ 31 সংখ্যক শ্বহীদ দিৱস ৷ শ্বহীদ দিৱস উপলক্ষে আজি সংগঠনটোৱে এন ডি এফ বিৰ হৈ শ্বহীদ হোৱা দুই হাজাৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায়। ইপিনে শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰি এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে তেওঁৰ ভাষণত পূৰ্বৰ সভাপতি ধীৰেন বড়োক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে ধীৰেন বড়োৱে নিজৰ গাদী আৰু নিজৰ স্বাৰ্থ ৰক্ষাৰ বানে নতুন সংগঠন গঠন কৰিছে ৷ আনহাতে বিবেকবান আৰু জাতিৰ বাবে চিন্তা কৰা ব্যক্তিয়ে গাদীৰ বাবে চিন্তা কৰিব নালাগে বুলিও মন্তব্য কৰে বসুমতাৰীয়ে । আনহাতে ধীৰেন বড়োৱে পৃথক বড়ো ৰাজ্যৰ ইছ্যু পৰিহাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন ডি এফ বি প্ৰগতিশীলে কয় যে তেওঁলোকে পৃথক বড়ো ৰাজ্যৰ বাবে সংগ্ৰাম চলাই নিব ৷ উল্লেখ্য যে আজিৰ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত বিভিন্ন বড়ো জাতীয় সংগঠনৰ নেতাৰ লগতে কেইবাটাও শ্বহীদ পৰিয়ালে অংশ গ্ৰহণ কৰি শ্বহীদ সকলক স্মৰণ কৰে ৷