অসম

assam

২৫আসন দখলেৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে:পীযুষ হাজৰিকা

By

Published : Jun 16, 2020, 8:32 PM IST

ওদালগুৰি জিলাৰ বিজেপিৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । সংবাদমেলখনত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৫টা সমষ্টিতে জয় লাভেৰে বিজেপি দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷

State health minister piyush hazarika pressmeet udalguri assam etv bharat news
সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ওদালগুৰি,16 জুন: ওদালগুৰিত মঙলবাৰে বিজেপিৰ জনসম্পৰ্ক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে চহৰখনৰ বহুকেইটা পৰিয়ালৰ ঘৰলৈ গৈ ভাৰত আৰু অসম চৰকাৰৰ বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ কথা অৱগত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰ থকা চিঠি অৰ্পণ কৰে । ইয়াৰ পিছত জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হাজৰিকাই । সংবাদমেলখনত বিটিচি পৰিষদীয় নিৰ্বাচনত ২৫টা সমষ্টিতে জয় লাভেৰে বিজেপি দলে চৰকাৰ গঠন কৰাৰ দাবী কৰে মন্ত্ৰীগৰাকীয়ে । বিটিচিত বিজেপিৰ শক্তিশালী সংগঠন আছে যাৰ বাবে অকলে চৰকাৰ গঠন কৰাৰ দাবী কৰে মন্ত্ৰীজনে । লগতে শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে মন্ত্ৰী হাজৰিকাই ।

কৰ'ণা ভাইৰাছৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য

আনহাতে,বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী গৰাকীক জনসম্পৰ্ক কাৰ্যসূচীত সহযোগ কৰে ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই ৷

সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

লগতে চাওকঃবিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details