গুৱাহাটী, ২৫ ছেপ্টেম্বৰ :গুৱাহাটীৰ ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ (Down Town Charity Trust) উদ্যোগত বিগত সময়চোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত ছাত্র-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে শুকুৰবাৰে ওদালগুৰি জিলাৰ দুখনকৈ চৰকাৰী বিদ্যালয়ত প্লেচমেণ্ট ড্ৰাইভ (Placement drive) আৰু কেৰিয়াৰ পৰামৰ্শৰ (career counseling) এক কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ট্ৰাষ্টৰ সৌজন্যত ওদালগুৰি জিলাৰ শ্বেশৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে 'সমগ্ৰ শিক্ষা অভিযান অসম' প্ৰকল্পৰ অধীনত বৃত্তিমূলক শিক্ষাৰ অন্তৰ্গত স্বাস্থ্যসেৱা বিষয়ক লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫১ খন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কৰ্ম সংস্থাপন আৰু তেওঁলোকৰ দক্ষতা বিশ্লেষণ কৰা ।