ওদালগুৰি, ৬ এপ্ৰিল : শনিবাৰে ওদালগুৰিত উদ্ধাৰ হয় ৪ কিলোগ্ৰাম ৰূপ । ওৰাং আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে AS 01 DR 7449 নম্বৰৰ এখন ৰঙা ৰঙৰ বলে'ন গাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৰূপখিনি । তথ্য অনুসৰি জব্দ কৰা ৰূপখিনিৰ মূল্য প্ৰায় ২ লাখ টকা । এজন যুৱকে ৰূপখিনি ঢেকীয়াজুলিৰ পৰা দলগাঁৱলৈ ৰূপখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে যুৱকসহ ৰূপখিনি জব্দ কৰে ।
ওদালগুৰিত উদ্ধাৰ ৪ কিলোগ্ৰাম ৰূপ - তদন্ত
ওদালগুৰিত আৰক্ষীয়ে তালাচী চলাই এজন যুৱকৰ পৰা জব্দ কৰে ৪ কিলোগ্ৰাম ৰূপ

ওদালগুৰিত উদ্ধাৰ ৪ কিলেগ্ৰাম ৰূপ
জব্দ কৰা সময়ত ৰূপখিনিৰ কোনো উপযুক্ত নথি পত্ৰ নথকাৰ বাবে আৰক্ষীয়ে ৰূপখিনি জব্দ কৰি ৰাখে যদিও ৰূপখিনি বৈধ বুলি দাবী কৰিছে যুৱকজনে । ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । যদি এই ৰূপখিনি বৈধভাৱে কিনা বুলি প্ৰমাণিত হয় তেন্তে যুৱকজনৰ লগতে ৰূপখিনিও মোকলাই দিয়া হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
Last Updated : Apr 7, 2019, 12:33 AM IST