ওদালগুৰি, 18 জুনঃ15 জুনত চীন-ভাৰত সীমান্ত চীনা সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্ত প্ৰতিবাদৰ জোৱাৰ উঠিছে । ওদালগুৰিটো দেখিবলৈ পোৱা গ'ল ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদ । ওদালগুৰিতো জ্বলিৰ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি । আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে আৰু ৰাষ্ট্ৰীয় বজৰং দলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দিগন্ত কোচে প্ৰতিজন ভাৰতীয় শ্বহীদৰ বিপৰীতে ৫ জনকৈ চীনা সৈন্যৰ মুণ্ড লাগে বুলি দাবী কৰে। প্ৰতিবাদকাৰী সকলে চীনৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ ভাৰত চৰকাৰক দাবী জনোৱাৰ লগতে সৰ্বসাধাৰণ জনতাকো চীনা সামগ্ৰী বৰ্জনৰ বাবে অনুৰোধ কৰে ।