অসম

assam

ETV Bharat / state

ৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক - Wine saized

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় লক্ষাধিক টকাৰ বিলাতী সুৰা । ঘটনাটোৰ পিছতে ট্ৰাকৰ চালক চৌল আলম আৰু হেণ্ডিমেন মহম্মদ আদনামক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে ।

ৰৌতা আৰক্ষী
40 লাখ টকাৰ সুৰা জব্দ

By

Published : Jan 12, 2020, 7:46 PM IST

ওদালগুৰি,12 জানুৱাৰীঃওদালগুৰিত পুৱতি নিশা আৰক্ষীৰ সফল অভিযান ৷ ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এখন অবৈধ সুৰা ভৰ্তি ট্ৰাক ৷ লগতে আটক কৰে উত্তৰ প্ৰদেশৰ দুজন যুৱকক ৷

আটক দুজন যুৱক

প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথটিত তালাচী চলায় ।পুৱা 5 মান বজাত UP 21 CN-2181 নম্বৰৰ ট্ৰাক এখনত আৰক্ষীৰ দলটোৱে তালাচী চলাব বিচৰাত চালকজনে ট্ৰাকখনত প্ৰসাধন সামগ্ৰী থকা বুলি উল্লেখ কৰে ৷ লগতে এখন চালানো প্ৰদৰ্শন কৰে চালকজনে । কিন্তু চালকজনৰ কথাত পতিয়ন নগৈ আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই জব্দ কৰে প্ৰায় ৪০ লাখৰো অধিক মূল্যৰ প্ৰায় ১,০০০ কাৰ্টুন বিলাতী সুৰা ৷

40 লাখ টকাৰ সুৰা জব্দ

ঘটনাটোৰ পিছতে ট্ৰাকৰ চালক চৌল আলম আৰু হেণ্ডিমেন মহম্মদ আদনামক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে । জব্দ সুৰাখিনি অৰুণাচলৰ পৰা মহাৰাষ্ট্ৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি ধৃত যুৱক দুজনে প্ৰকাশ কৰে ৷ ঘটনাতো সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দেওবাৰে যুৱক দুজনক ওদালগুৰি আদালতত হাজিৰ কৰায় । আদালতে যুৱক দুজনক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে চাওকঃবাইহাটাৰ কমলপুৰত পথত জ্বলিল মটৰচাইকেল

ABOUT THE AUTHOR

...view details