অসম

assam

ETV Bharat / state

পথ দুৰ্ঘটনাত পূজাৰীৰ মৃত্যুত উত্তপ্ত ওদালগুৰি - etv bharat

ওদালগুৰিৰ ভৈৰৱকুণ্ডত সংঘটিত পথ দূৰ্ঘটনা । ঘটনাত নিহত টংকেশ্বৰ ডেকা নামৰ এজন চাইকেল আৰোহী । ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী আছিল লোক জন ।

পথ দুৰ্ঘটনাত পূজাৰীৰ মৃত্যুত উত্তপ্ত ওদালগুৰি

By

Published : Jul 29, 2019, 4:13 AM IST

পথ দুৰ্ঘটনাত পূজাৰীৰ মৃত্যুত উত্তপ্ত ওদালগুৰি

ওদালগুৰি, 29 জুলাই: এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে নিশা উত্তপ্ত হৈ পৰে ওদালগুৰি অসামৰিক চিকিৎসালয় । দেওবাৰে দিনৰ ভাগত ভৈৰৱকুণ্ডত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এই পৰিস্থিতি সৃষ্টি হয় চিকিৎসালয় খনত ৷ ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে পৰিস্থিতি ৷ ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিয়াত হে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

জানিব পৰা মতে, দেওবাৰে আবেলি ৪ মান বজাত ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী টংকেশ্বৰ ডেকাই চাইকেলেৰে আহি থকা অৱস্থাতে খুণ্ডিয়াই ঠৈ যায় এখন নম্বৰ প্লেটবিহীন বাহনে ৷ এই ঘটনাত পূজাৰীজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে সামান্য পৰিমানে আহত হয় বাইকত থকা মঙলদৈৰ পৰশমণি ব্ৰহ্ম আৰু সম্মৃদ্ধি ডেকা ৷ ইয়াৰ পিছতে আহত তিনি জনকে ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈ যদিও চিকিৎসাধীন অৱস্থাতে মৃত্য হয় পূজাৰী টংকেশ্বৰ ডেকাৰ ৷ পূজাৰী জনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে চিকিৎসালয় খনত ভিৰ কৰে পূজাৰী জনৰ গুনমুগ্ধ সকলে ৷ ইয়াৰ মাজতে ঘটনা সংঘটিত কৰা যুৱক দুজনক আৰক্ষীয়ে চিকিৎসালৰ পৰা থানালৈ আনিব বিচৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয় খনৰ পৰিস্থিতি ৷ যুৱক দুজনৰ বাহনৰ নথি-পত্ৰ নথকাৰ অভিযোগ কৰাৰ লগতে ঘটনা সংঘটিত কৰাৰ বাবে যুৱক দুজনক গ্ৰেপ্তাৰৰ দাবী কৰে ভক্ত সকলে ৷ বৰ্তমান ঘটনা সংঘটিত কৰা দুই যুৱকক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ওদালগুৰি আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details