ওদালগুৰি, 12 এপ্ৰিল: ওদালগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত AS-01-DB-6099 নম্বৰৰ দ্ৰুতবেগী বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা As-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' ।
ৰৌতাত পথ দুৰ্ঘটনাত নিহত় এজন - Road Accident
ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজনক অখিল দে' বুলি চিনাক্ত ৷

ওদালগুৰিৰ ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1, আহত 1
ওদালগুৰিৰ ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1, আহত 1
এই ঘটনাত গুৰুতভাৱৰ আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' । আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় প্ৰেৰণ কৰে স্থানীয় লোক তথা আৰক্ষীয়ে। দুৰ্ঘটনা পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ নিবাসী বুলি জানিব পৰা গৈছে ।