ওদালগুৰি,7 জুন:ওদালগুৰি জিলাৰ ওৰাঙৰ নীচলামাৰীত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছত এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ।
ওৰাঙৰ নীচলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা - ওৰাঙৰ নীচলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
ওৰাঙৰ নীচলামাৰীত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছত এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে । ফলত ট্ৰাকখনৰ হেণ্ডিমেনজন থিতাতে নিহত হয় ।
![ওৰাঙৰ নীচলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা As_udl_road accident at udalguri_img_10067](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12048296-thumbnail-3x2-udal.jpg)
ওৰাঙৰ নীচলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
AP-37-TA-3989 নম্বৰৰ ট্ৰাকখন গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ যাৰ ফলত ট্ৰাকখনৰ হেণ্ডিমেনজন থিতাতে নিহত হয় । নিহত হেণ্ডিমেনজনৰ নাম সঞ্জিত দাস বুলি জানিব পৰা গৈছে ৷ সঞ্জিত দাসৰ ঘৰ পশ্চিম বংগৰ নদিয়া জিলাৰ কিষান গঞ্জ থানাৰ আদিত্য পাৰাত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:চিকিৎসক নিগ্ৰহৰ ঘটনাক লৈ হেল্থ চিটি হাস্পতালেও সাব্যস্ত কৰিলে প্ৰতিবাদ