ওডালগুৰি ,26 মাৰ্চঃওদালগুৰি জিলাৰ ভালুকমাৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা । ৰৌতা অভিমূখী সামগ্ৰী কঢ়িওৱা AS-25BC-4402 নম্বৰৰ টাটা এচি আৰু তেজপুৰ অভিমুখী AS-12G-5960 নম্বৰৰ এখন এল্ট বাহনৰ মুখা-মুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটোত এল্টৰ চালকজন নিহত হোৱাৰ লগতে টাটা এচি খনৰ 5 জনকৈ আৰোহী গুৰুতৰভাৱে আহত হয় । নিহত লোকজন ঢেকীয়াজুলিৰ সুৰজিৎ ৰয় বুলি চিনাক্ত ৷
ৰৌতাত টাটা এচি আৰু এল্ট বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষ, নিহত 1 - দুৰ্ঘটনা
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 5 জনকৈ আৰোহী
![ৰৌতাত টাটা এচি আৰু এল্ট বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষ, নিহত 1](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2808930-155-ed1b4c23-7635-4910-a75d-74012743695c.jpg)
UDALGURI
ৰৌতাত টাটা এচি আৰু এল্ট বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষ
দু্ৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা সুৰজিৎ ৰয়ক ৰৌতা আদৰ্শ চিকিৎসালয়লৈপ্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে আহত আন লোক কেইজনকো প্ৰথমে ৰৌতাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ আৰু মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত লোক কেইজন ৰোষ্টম আলি, ভলা শ্বেখ, আবেদ আলি, কছম আলি আৰু আব্দুল চামাদ বুলি জানিব পৰা গৈছে।