ওদালগুৰি, 21 মাৰ্চ : বিটিচি নিৰ্বাচন সন্দৰ্ভত অসম নিৰ্বাচন আয়োগৰ সিদ্ধান্তক সমৰ্থন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সমবায় বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ ৷ শুকুৰবাৰে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বি টি চি পৰিষদীয় নিৰ্বাচন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে ৷ ইয়াৰ লগতে মন্ত্ৰীজনে কৰ'ণা প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা সমূহ মানি চলিবলৈও ৰাইজক অনুৰোধ জনায় ৷
নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী ৰিহণ দৈমাৰীৰ - PUBLIC HEALTH MINISTER OF ASSAM
অসম নিৰ্বাচন আয়োগৰ সিদ্ধান্তক সমৰ্থন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সমবায় বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ ৷ শুকুৰবাৰে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বি টি চি পৰিষদীয় নিৰ্বাচন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে ৷
ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনে কৰ'ণাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা ৷ ইয়াৰ অংশ হিচাপে বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, বিভিন্ন কাৰ্যালয়, বজাৰ শ্ব'পিং মল, বজাৰ আদি ৷ জনবহুল স্থানসমূহৰ পৰা দূৰৈত থাকিবলৈ ৰাইজক অনুৰোধ জনাইছে চৰকাৰ-প্ৰশাসনে ৷ তাৰোপৰি দেওবাৰে সমগ্ৰ দেশজুৰি "জনতা কাৰ্ফিউ" মানি চলিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ এনে পৰিপেক্ষিততেই নিৰ্বাচন আয়োগে স্থগিত কৰিছে বি টি চি নিৰ্বাচন ৷ আয়োগৰ সিদ্ধান্তক লৈ একাংশ প্ৰাৰ্থী অসন্তুষ্ট যদিও বিপিএফৰ মন্ত্ৰীগৰাকীয়ে আদৰণি জনাইছে এই পদক্ষেপক ৷ আনহাতে ওদালগুৰি জিলাত কৰ'ণা প্ৰতিৰোধৰ বাবে ভূটান আৰু অৰুণাচল সীমান্তৰ পথসমূহৰ লগতে ৰে'ল ষ্টেচন সমূহত স্কেনিংৰ ব্যৱস্থা কৰাৰ বাবেও জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰী দৈমাৰীয়ে সদৰী কৰে ৷
লগতে পঢ়ক : 'জনতা কাৰ্ফিউ': দেওবাৰে বন্ধ থাকিব ৰে'ল সেৱা