ওদালগুৰি, 4 মাৰ্চঃ সোমবাৰে ওদালগুৰিত উপস্থিত হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী ৷ ওদালগুৰিত উপস্থিত হৈ স্থানীয় আস্থা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত মন্ত্ৰীগৰাকীয়ে মুকলি কৰে এটি অত্যাধুনিক দক্ষতা বিকাশ কেন্দ্ৰ ৷ অসম দক্ষতা বিকাশ মিচনৰ সহযোগত সুৰক্ষা স্কীল এণ্ড ছলিউশ্বন প্ৰাইভেট লিমিটেডৰ সহযোগত মুকলি কৰা হয় কেন্দ্ৰটো ৷
ওদালগুৰিয়ে লাভ কৰিলে নতুন দক্ষতা বিকাশ কেন্দ্ৰ - দক্ষতা বিকাশ কেন্দ্ৰ
সভাত চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷
বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত স্থানীয় শিক্ষাৰ্থীৰ লগতে বিভাগীয় বিষয়া আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে ৷ আনহাতে অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি দক্ষতা বিকাশ অভিযানৰ ডিপিএম ফাৰুক আহমেদ, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, ওদালগুৰিৰ চক্ৰ উন্নয়ন বিষয়া পিংকি বৰগয়াৰী, জিলা উদ্যোগ বিভাগৰ মুখ্য প্ৰৱন্ধক বিকাশ ভূঞাঁকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া ৷
কেন্দ্ৰটোৰ দ্বাৰা ওদালগুৰিৰ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ কাটিং, ড্ৰাইভিং, বিউটীচিয়ান আৰু কম্পিউটাৰৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী ৰিহন দৈমাৰীয়ে প্ৰশিক্ষণ ল'বলৈ আগবাঢ়ি অহা শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিউটীচিয়ান প্ৰশিক্ষণৰ প্ৰথম দহগৰাকী প্ৰশিক্ষাৰ্থীক বিনামূলীয়াকৈ বিউটীকিট প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত কেন্দ্ৰটোৰ পৰিচালক ৰবি কংকনীয়ে প্ৰশিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ দ্বাৰা কিদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই সন্দৰ্ভত বিভিন্ন তথ্য উল্লেখ কৰে ৷ আনহাতে সভাত চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷