অসম

assam

By

Published : Jul 2, 2019, 8:11 AM IST

ETV Bharat / state

ইউ পি পি এল শিবিৰত খহনীয়া, পদত্যাগ প্ৰদীপ কুমাৰ দৈমাৰীৰ

২০২০ চনত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ প্ৰধান বিৰোধী দলৰ ইউ পি পি এল শিবিৰত মোক্ষম আঘাত। ইউ পি পি এলৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰ দৈমাৰীৰ ৷

ইউ পি পি এল শিবিৰত মোক্ষম আঘাত, পদত্যাগ প্ৰদীপ কুমাৰ দৈমাৰীৰ

ওদালগুৰি,1 জুলাইঃইউ পি পি এল শিবিৰত মোক্ষম আঘাত ৷ ২০২০ চনত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ প্ৰধান বিৰোধী দল ইউ পি পি এল শিবিৰ ত্যাগ কৰিলে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিগত লোকসভা নিৰ্বাচনত দলটোৰ হৈ মঙলদৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰদীপ কুমাৰ দৈমাৰীয়ে।

ইউ পি পি এলৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰ দৈমাৰীৰ

সোমবাৰে দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰদীপ কুমাৰ দৈমাৰীয়ে। ব্যক্তিগত কাৰণত তেখেতে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে অনাগত পৰিষদীয় নিৰ্বাচনত দৈমাৰীয়ে নিৰ্দলীয় ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও স্পষ্ট কৰে দৈমাৰীয়ে। আনহাতে অনাগত দিনত কোনো ৰাজনৈতিক দলত যোগদান কৰিব নে নাই সেইটো সিদ্ধান্ত এতিয়াও লোৱা নাই বুলি জানিবলৈ দিয়ে।

উল্লেখ যে,দৈমাৰীয়ে বিগত লোকসভা নিৰ্বাচনত এবছু,এন ডি এফ বি(প্ৰ)সমৰ্থিত ইউ পি পি এলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই ১০৩৮৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ABOUT THE AUTHOR

...view details