অসম

assam

ETV Bharat / state

ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন ঈশ্বৰ নায়কৰ

আদ্যশ্ৰাদ্ধ সম্পন্ন হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ ৷ বহুকেইটা দল-সংগঠন এই অনুষ্ঠানত উপস্থিত থাকে ৷

By

Published : Jan 5, 2020, 8:07 PM IST

দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি
ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ

ওদালগুৰি, 5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনত শ্বহীদ হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হয় ৷ দেওবাৰে মাজুলী চাহ বাগিছাত আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আক্ৰাছুৰ লগতে বহুকেইটা জাতীয় দল-সংগঠনৰ উদ্যোগত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ স্মৃতিচাৰণ অনুষ্ঠানৰ কাৰ্যসূচীত জাতীয় দল-সংগঠনৰ পতাকা উত্তোলন কৰাৰ পাচতে অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কে CAA ৰ বিৰোধিতা কৰাৰ লগতে শ্বহীদ পুত্ৰৰ স্মৃতি জীয়াই ৰাখিবলৈ এখন বিদ্যালয় স্থাপনৰ দাবী জনায় ।

ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ

শ্বহীদ ঈশ্বৰ নায়কৰ স্মৃতিত প্ৰকাশ পোৱা স্মৰণিকা উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীয়ে সকলো জাতি জনগোষ্ঠীক একত্ৰিত হৈ CAA উফৰাই পেলাবলৈ আহ্বান জনায় । স্মৃতিচাৰণ সভাত উপস্থিত থাকি চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰে কয় যে, চৰকাৰখনে অসমৰ ৰাইজৰ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই । এই আন্দোলনত আত্ম বলিদান দিয়া সকলক মূল্য দিয়া উচিত । এই আইনখন শীঘ্ৰে বাতিল কৰিব লাগে । আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগেও এই আইনখন বাতিল কৰিবলৈ দাবী জনায় ।

আৰু পঢ়ক : বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details