অসম

assam

By

Published : Nov 17, 2019, 6:19 PM IST

Updated : Nov 17, 2019, 11:08 PM IST

ETV Bharat / state

কেনেকৈ মৃত্যু হ'ল লাডেনৰ? সবিশেষ Etv Bharatত

ৰহস্যৰ আৱৰ্তত কৃষ্ণৰ মৃত্যু ৷  বনবিভাগক প্ৰকৃতিপ্ৰেমীৰ প্ৰশ্ন অতিমাত্ৰাত ট্ৰেংকুলাইজৰ কৰাৰ পাছত কিয় গোৱালপাৰাৰ পৰা ওৰাঙলৈ স্থানান্তৰিত কৰা হৈছিল লাডেন ওৰফে কৃষ্ণক ?

কোনে হত্যা কৰিলে কৃষ্ণক?

ওৰাং, 17 নৱেম্বৰ:দেওবাৰে পুৱতি নিশা মৃত্যুক সাৱটিলে মাত্ৰ কেইদিনমান পূৰ্বে গোৱালপাৰাত বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তী লাডেন ওৰফে কৃষ্ণৰ ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ট্ৰেংকুলাইছ কৰা লাডেনক যোৱা 12 নৱেম্বৰত গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল কিন্তু তাৰ পাছতে আজি মৃত্যু হয় লাডেন ওৰফে কৃষ্ণৰ ৷ হাতীটোৰ মৃত্যুৰ পাছতে এতিয়া ৰাজ্যৰ সৰ্বতে প্ৰকৃতিপ্ৰেমী মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কৃষ্ণৰ মৃত্যুক বনবিভাগৰ চূড়ান্ত গাফিলতি আখ্যা দিছে প্ৰকৃতিপ্ৰেমীসকলে ৷

ৰহস্যৰ আৱৰ্তত কৃষ্ণৰ মৃত্যু!!

ইফালে, কৃষ্ণৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিয়ে ৷ কৃষ্ণৰ মৃত্যুৰ মৰোনোত্তৰ পৰীক্ষা অসমৰ পশু চিকিৎসকৰ সলনি বাহিৰৰ চিকিৎসকৰ দ্বাৰা কৰাবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ অসমৰ ডাক্তৰক বনবিভাগে মেনেজ কৰি ভুল তথ্য প্ৰদানৰ সন্দেহ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ ৷ ট্ৰেংকুলাইজাৰ কৰাৰ পাছতে বলপূৰ্বকভাবে পেলোৱাৰ বাবেই হাতীটোৰ হাড় ভঙাৰ সন্দেহ অৰণ্য সুৰক্ষা সমিতিৰ ৷ প্ৰকৃতিপ্ৰেমী দিলীপ নাথে কয় যে, বয়স উকলি যোৱাৰ পাছতো হাতীটোক বলপূৰ্বকভাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে হাতীটোৱে আঘাত পাইছিল আৰু তাৰ বাবেই কৃষ্ণৰ মৃত্যু হল ৷
আনহাতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংবাদ মাধ্যমৰ লোকক বন বিভাগৰ লোকে প্ৰৱেশ কৰিব নিদিয়াক লৈয়ো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ

আৰু পঢ়ক:লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া

Last Updated : Nov 17, 2019, 11:08 PM IST

ABOUT THE AUTHOR

...view details