অসম

assam

ETV Bharat / state

আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ? - regional parties

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিপিএফ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ দি বাকী আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলৈ সাজু আছে বুলি মন্তব্য নেতাগৰাকীৰ ।

ready to join hands with regional parties says hagrama mohilary
আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?

By

Published : Feb 26, 2021, 1:18 PM IST

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী:ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিপিএফ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ দি বাকী আঞ্চলিক দলসমূহৰ সৈতে হাত মিলাবলৈ সাজু আছে বুলি মন্তব্য কৰে হাগ্ৰামাই ।

তদুপৰি বিপিএফে বি.টি.আৰ.ৰ ১২ টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও মন্তব্য আগবঢ়ায় হাগ্ৰামা মহিলাৰীয়ে । বৃহস্পতিবাৰে ওদালগুৰিত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ এখনি সভা পৰিচালনা কৰি এই মন্তব্য কৰে হাগ্ৰামাই । আনহাতে নেতাগৰাকীয়ে দলৰ সদস্যসকলক নতুন উদ্যম আৰু লক্ষ্যৰে দলৰ কাম কৰি যাবলৈকো অনুপ্ৰেৰণা যোগায় ।

নতুন দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে, ‘‘ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে আলোচনা চলি আছে আৰু সোনকালেই এটা ফলাফল পোৱা যাব ।"

লগতে পঢ়ক: ৰিপোৰ্ট কাৰ্ড : কাছাৰৰ সাতটা সমষ্টিৰ সবিশেষ

ABOUT THE AUTHOR

...view details