ৰৌতা,০৪ অক্টোবৰঃআজি শেষকৃত সম্পন্ন কৰা হব প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ (Ex MLA Karendra Basumatary)। অজস্ৰ গুণমুগ্ধই বিধায়কগৰাকীৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হ'ল আজি পুৱাৰে পৰা । সকলোৱেই শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ আহিছে প্ৰিয় নেতা কৰেন্দ্ৰ বসুমতাৰীক।
প্ৰাক্তন বিধায়কগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতাত উলিওৱা হ'ল শোভাযাত্ৰা (All boro students union) । ৰৌতাৰ বাসগৃহৰ পৰা ওদালগুৰি চহৰত থকা ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ উলিওৱা হৈছে শোভাযাত্ৰা । বিভিন্ন ৰাজনৈতিক দলৰ লোকে শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে প্ৰাক্তন বিধায়কগৰাকীলৈ ।