ওদালগুৰি , 29 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আৰক্ষীৰ গুলিত শ্বহীদ হোৱা সকলৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ দেওবাৰে ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ শ্বহীদ ইশ্বৰ নায়কৰ পৰিয়ালক ৰাহুল গান্ধীৰ হৈ এই আৰ্থিক সাহায্য প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটে ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে শ্বহীদ ঈশ্বৰৰ পৰিয়ালটোক অনাগত দিনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে ।
ঈশ্বৰ নায়কৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ সাহাৰ্য ৰাহুল গান্ধীৰ
দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসমৰ যুৱকক গুলিয়াই হত্যা কৰা কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডত জড়িত দোষী সকলক শাস্তি প্ৰদানৰ বাবে দাবী জনায় ।
দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসমৰ যুৱকক গুলিয়াই হত্যা কৰা কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৷ নেতাজনে মন্তব্য কৰে যে , চৰকাৰখনে নিৰ্দোষী লোকক হত্যা কৰিছে ৷ এনেধৰণৰ হত্যাকাণ্ড ৰাজ্যত আগতে কেতিয়াও হোৱা নাই ৷ যাৰ নিৰ্দেশত এই হত্যাকাণ্ড হৈছে, কংগ্ৰেছ দলে তাক নিন্দা কৰিছে ৷ লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডত জড়িত দোষী সকলক শাস্তি প্ৰদানৰ বাবে দাবী জনায় । সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা সকলক চৰকাৰে শ্বহীদ ঘোষণা নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হৰিশ ৰাৱাটে কয় - "অসমৰ জনতাই এওঁলোকক শ্বহীদৰ মৰ্যদা দিছে । আমি অসমৰ জনতাৰ আবেগক সন্মান কৰো । আমি বিজেপিৰ বিৰুদ্ধে থিয় দিম। বিজেপিৰ আইন, বিজেপিৰ প্ৰতিটো গুলী, লাঠি আৰু নেতা সকলৰ মন্তব্যৰ বিৰুদ্ধে আমি থিয় দি আছো । যি সকলে অসমৰ জনগণৰ বিপক্ষে থিয় দি আছে সেই সকলৰ বিপক্ষে কংগ্ৰেছ সদায় থিয় দিব ৷" ইপিনে শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃয়ে ঈশ্বৰ নায়কৰ নামত এখন বিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনোৱাত হৰিশ ৰাৱাটে কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
লগতে পঢ়কঃঅমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা