অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত ওদালগুৰিত উত্তাল প্ৰতিবাদ - ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই ৷ তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

জনজাতিকৰণৰ দাবী
ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Feb 3, 2020, 11:23 PM IST

ওদালগুৰি, 3 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ সময়ত বিজেপি দলে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে চৰকাৰে ৷ জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷

সোমবাৰে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ নেতৃত্বত ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদত উপস্থিত থাকি কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে 'আমাক জনজাতিৰ মৰ্যাদা লাগিবই', 'মিছা প্ৰতিশ্ৰুতি দিয়া বাদ দিয়ক', 'আদিবাসীসকলক ৰাজনৈতিক সুৰক্ষা দিয়ক', 'বিজেপি মুৰ্দাবাদ' আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদৰ নেতৃত্ব দি আছাৰ সভাপতি প্ৰদীপ নাগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰ বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৷ এই প্ৰতিবাদৰ জৰিয়তে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে ভূমি পট্টা প্ৰদান, আদিবাসীসকলক ৰাজনৈতিক অধিকাৰ প্ৰদান, অস্ত্ৰ বিৰতিত থকা আদিবাসী সশস্ত্ৰ সংগঠনৰ সমস্যাৰ স্থায়ী সমাধান, চাহ মজদুৰৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি, ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষৰ বলি হোৱাসকলক পুনৰ সংস্থাপন, অসমৰ আদিবাসীসকলক অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে নিৰাপত্তা দিয়াৰো দাবী জনাই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ আনহাতে, আদিবাসীৰ হত্যালীলাত নাম সাঙুৰ খাই পৰা এনডিএফবি নেতা জি বিদাইৰ ফাঁচী দিয়াৰো দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷ সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ নেতাসকলেও অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক : ৰ'জভেলী কেলেংকাৰী : 3 খন ফাৰ্মৰ 70 কোটি সম্পত্তি জব্দ !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details