অসম

assam

By

Published : Aug 8, 2019, 6:59 PM IST

ETV Bharat / state

পৃথক বড়োলেণ্ডৰ দাবীত উত্তাল ওদালগুৰি

পৃথক বড়োলেণ্ড গঠনৰ দাবীত পুনৰ উত্তাল ওদালগুৰি । আজি ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টে পৃথক বড়োলেণ্ড গঠনৰ দাবীত সাব্যস্ত কৰে সৰ্বাত্মক প্ৰতিবাদ ।

পৃথক বড়োলেণ্ডৰ দাবীত উত্তাল ওদালগুৰি

ওদালগুৰি, 8 আগষ্টঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 370 আৰু 35ক বাতিলৰ যোগেদি জম্মু আৰু কাশ্মীৰক দ্বি খণ্ডিত কৰি জম্মু- কাশ্মীৰ আৰু লাডাখ নামেৰে দুখনকৈ পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল গঠনত অনুমোদন জনোৱাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া স্বৰূপে পুনৰ তীব্ৰ ৰূপত আৰম্ভ হৈছে পৃথক বড়োলেণ্ড আন্দোলন । বৃহস্পতিবাৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টৰ নেতৃত্বত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি সংগঠন কেইটাৰ নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আমাক বড়োলেণ্ড লাগিবই, ডিভাইড আসাম ৫০-৫০ , ন' বড়োলেণ্ড ন' ৰেষ্ট, ভাৰত চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, অমিত শ্বাহ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পৃথক বড়োলেণ্ডৰ দাবীত উত্তাল ওদালগুৰি

লগতে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত মজুত থকা পৃথক ৰাজ্য গঠনৰ ব্যৱস্থাক পৃথক বড়োলেণ্ড গঠনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ লগতে বড়ো জনতাৰ 50 বছৰীয়া এই দীঘলীয়া আত্ম-নিয়ন্ত্ৰণৰ সংগ্ৰামক পৃথক ৰাজ্য গঠনৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে সন্মান প্ৰদান নকৰিলে সংগঠন কেইটাই আগন্তক দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

...view details