অসম

assam

By

Published : Jun 13, 2020, 6:21 PM IST

ETV Bharat / state

বিটিচিৰ নিযুক্তি কেলেংকাৰী উদঙালে পৃথিৰাজ নাৰায়ন দেৱ মেছে

৭ মাৰ্চত জুনিয়ৰ এচিচটেন্ট আৰু পিয়ন পদত বক্ৰপথেৰে নিযুক্তি দিয়া হৈছিল ১৪ জন প্ৰাৰ্থীক ৷ কেৱল ধনৰ বিনিময়ত বিজ্ঞাপন,বাচনি পৰীক্ষা অবিহনে বিপিএফৰ সাংগোপাংগ সকলক নিযুক্তি দিয়াৰ বিস্ফোৰক অভিযোগ ইউ পি পি এলৰ যুৱ নেতাজনৰ ৷ সেয়ে ২০০৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত হোৱা অবৈধ নিযুক্তিৰ বিৰুদ্ধ গোচৰ দিছে ইউ পি পি এল দলে ৷ অৱশ্যে সৎ পথেৰে চাকৰি লাভ কৰাসকল শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি স্পষ্ট কৰে পৃথিৰাজ নাৰায়ন দেৱ মেছে ৷

Prithviraj Narayan dev Mechhe exposes BTC recruitment scandal
ওদালগুৰি

ওদালগুৰি, 13 জুনঃ বিটিচিত নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ওদালগুৰিৰ ইউ পি পি এলৰ যুৱ নেতা পৃথিৰাজ নাৰায়ন দেৱ মেছৰ ৷ এখন সংবাদমেল সম্বোধন কৰি এই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে যুৱ নেতাগৰাকীয়ে ৷ লগতে হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰ জড়িয়তে ধনৰ স্বাৰ্থত বিভিন্ন দপ্তৰত চাকৰি দিয়াৰ অভিযোগ কৰে পৃথিৰাজ নাৰায়ন দেৱ মেছে ৷

ওদালগুৰি

পৃথিৰাজ নাৰায়ন দেৱ মেছে জানিবলৈ দিয়ে যে,বিটিচি পৰিষদৰ হাগ্ৰামা মহিলাৰীৰ হাতত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছিল নিযুক্তি কেলেংকাৰী ৷ ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰী বক্ৰ পথেৰে বিভাগটোৱে হৰিশিঙা উন্নয়ন খণ্ডত অন্তৰ্গত ১৩ জনকৈ প্ৰাৰ্থীক নিযুক্তি দিছিল। জুনিয়ৰ এচিচটেন্ট , গ্ৰাম সেৱক,গ্ৰাম সেৱিকা,পিয়ন,চকীদাৰ আৰু ড্ৰাইভাৰ পদত দিয়া হৈছিল ৷ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী নেতৃত্বাধীন বিটিচিৰ মীন বিভাগতো সংঘটিত হৈছে নিযুক্তি কেলেংকাৰী ৷

ওদালগুৰি
ওদালগুৰি

লগতে পঢ়কঃগোলাঘাটত পুনৰ কৰ'ণাত আক্ৰান্ত এজন

৭ মাৰ্চত জুনিয়ৰ এচিচটেন্ট আৰু পিয়ন পদত বক্ৰপথেৰে নিযুক্তি দিয়া হৈছিল ১৪ জন প্ৰাৰ্থীক ৷ কেৱল ধনৰ বিনিময়ত বিজ্ঞাপন,বাচনি পৰীক্ষা অবিহনে বিপিএফৰ সাংগোপাংগ সকলক নিযুক্তি দিয়াৰ বিস্ফোৰক অভিযোগ ইউ পি পি এলৰ যুৱ নেতাজনৰ ৷ সেয়ে ২০০৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত হোৱা অবৈধ নিযুক্তিৰ বিৰুদ্ধ গোচৰ দিছে ইউ পি পি এল দলে ৷ অৱশ্যে সৎ পথেৰে চাকৰি লাভ কৰাসকল শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি স্পষ্ট কৰে পৃথিৰাজ নাৰায়ন দেৱ মেছে ৷

ওদালগুৰি
ওদালগুৰি
বিটিচিত যি সকল শ্বহীদ পৰিয়ালে চাকৰি লাভ কৰিছে সেই সকলৰো ভয় কৰা কোনো কাৰণ নাই লগতে শ্বহীদ পৰিয়ালৰ কোনো লোকৰ নিযুক্তিৰ সময়ত কাগজ পত্ৰত খেলি মেলি হ'লেও এইয়া শ্বহীদ পৰিয়ালৰ ভুল নহয় বুলি সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে যুৱনেতাগৰাকীয়ে। শ্বহীদ পৰিয়াল সকলৰ চাকৰি অক্ষুন্ন থকাৰ লগতে নিয়মীয়া কৰা হ'ব বুলি স্পষ্ট কৰিলে ইউ পি পি এলৰ যুৱনেতাগৰাকীয়ে ৷

লগতে পঢ়কঃনেপালৰ ৰাজনৈতিক মানচিত্ৰ পুনঃগঠনৰ বাবে সংবিধান সংশোধনৰ সম্ভাৱনা

উল্লেখ্য যে সংবাদমেলত বিটিচি নিৰ্বাচন সন্দৰ্ভটো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ইউ পি পি এলৰ যুৱ নেতা পৃথিৰাজে ৷ আজিৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হ'লে কমেও ২৬ খন আসনত ইউ পি পি এল দল জয় হোৱাৰ দাবী কৰে ৷ লগতে বিপিএফ,প্ৰাক্তন বি এল টিৰ বহু শীৰ্ষ নেতাই ইউ পি পি এলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি যোগাযোগ কৰি আছে বুলিও জনায় পৃথিৰাজ নাৰায়ন দেৱ মেছে ৷

ABOUT THE AUTHOR

...view details