ওদালগুৰি,8 মে’ঃ শুকুৰবাৰে ওদালগুৰিৰ প্ৰায় 200 টা পৰিয়ালৰ লগতে দিব্যাংগ লোকক খাদ্য সামগ্ৰী প্ৰদান কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই । সাংসদজনে উক্ত অনুষ্ঠানত উপস্থিত সাংবাদিকসকলকো ক’ৰণাৰ পৰা ৰক্ষা পাবলৈ চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰে । ইয়াৰ পিছত এক সংবাদমেল সম্বোধন কৰি সাংসদজনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা ৰাইজক অৱগত কৰি চৰকাৰে বান্ধি দিয়া নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় ৷
ওদালগুৰিত খাদ্য সামগ্ৰী বিতৰণ সাংসদ দিলীপ শইকীয়াৰ - মঙলদৈৰ সাংসদ দিলীপ শইকীয়া
ওদালগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ লগতে দিব্যাংগ লোকক খাদ্য সামগ্ৰী প্ৰদান কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই । সাংসদজনে উক্ত অনুষ্ঠানত উপস্থিত সাংবাদিকসকলক ক’ৰণাৰ পৰা ৰক্ষা পাবলৈ চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰে ।

খাদ্য সামগ্ৰী বিতৰণ
খাদ্য সামগ্ৰী বিতৰণ
ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত কৃষক সন্মান নিধি,ৰেচন কাৰ্ডবিহীন লোকক চৰকাৰে প্ৰদান কৰা এহাজাৰ টকাৰ বিতৰণৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত সৰৱ হৈ ইয়াৰ উচিত তদন্ত হ’ব বুলি প্ৰকাশ কৰে । শইকীয়াই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তদন্ত কৰা বুলি উল্লেখ কৰে ৷
লগতে চাওকঃপৰিচয় ওলাল নলবাৰীত হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ