অসম

assam

ETV Bharat / state

Mp Dilip Saikia slams Hagrama: হাগ্ৰামাৰ সমালোচনাত মুখৰ সাংসদ দিলীপ শইকীয়া

ওদালগুৰি সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল । সংবাদমেলত হাগ্ৰামা মহিলাৰীক তীক্ষ্ণ সমালোচনা শইকীয়াৰ । ওদালগুৰি জিলা বিজেপিৰ সভাপতি, ৰাজ্যিক কাৰ্যনিৰ্বাহক কাৰ্তিক বড়োৱে উত্থাপন কেতবোৰ অভিযোগ খণ্ডন কৰাৰ বাবেই সাংসদ শইকীয়াই সম্বোধন কৰে এই সংবাদমেলৰ।

Press conference of MP Dilip Saikia in Udalguri
হাগ্ৰামাৰ সমালোচনাত মুখৰ সাংসদ দিলীপ শইকীয়া

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:08 PM IST

হাগ্ৰামাৰ সমালোচনাত মুখৰ সাংসদ দিলীপ শইকীয়া

ওদালগুৰি,২৪ আগষ্ট: ওদালগুৰিত সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল । সংবাদমেলত হাগ্ৰামা মহিলাৰীক তীক্ষ্ণ সমালোচনা শইকীয়াৰ । সাংসদগৰাকীয়ে কয় যে হাগ্ৰামা মহিলাৰীক ক্ষমতা লাগে । আমি তেওঁ ক্ষমতা পোৱাটো বিচাৰোঁ । কিন্তু এতিয়া তেওঁ ক্ষমতা নাপাই বুলি সংবাদমেলত মন্তব্য প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই ।

লগতে তেওঁ কয় যে, UPPL ৰ সৈতে মিত্ৰতা থকালৈকে প্ৰমোদ বড়ো বিটিচি প্ৰধান হিচাপে থাকিব । এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'লে কেন্দ্ৰৰ পৰা নিৰ্দেশ আহিব লাগিব । কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৫ চনৰ বিটিচি নিৰ্বাচনলৈকে UPPL ৰ সৈতে মিত্ৰতা থাকিব বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে । ইয়াৰোপৰি UPPL ৰ সৈতে মিত্ৰতা কোনো কাৰণতে ভংগ নহয় বুলিও ষ্পষ্ট কৰি দিয়ে দিলীপ শইকীয়াই ।

হাগ্ৰামা মহিলাৰীয়ে আবেগিকভাৱে বিটিচিবাসীক বুৰ্বক সজোৱাৰ বাবে কিছুমান নাটক কৰি আছে বুলি কটাক্ষ কৰি এই ক্ষেত্ৰত বিটিচিবাসীক সজাগ হ'বলৈ আহ্বান জনাই সাংসদ দিলীপ শইকীয়াই । ২০০৩ ৰ পৰা ২০২০ লৈকে ১৭ বছৰ বিপিএফৰ শাসন কালত বিটিচিত উদ্ভৱ হোৱা অনাহুত পৰিস্থিতি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে শইকীয়াই । দৰমহাৰ এটা অংশ উগ্ৰবাদী সংগঠনক দিয়াকে আদি কৰি সংশয়ৰ মাজত বিটিচিবাসীয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে দুটা কাৰ্যকালৰ ওদালগুৰি জিলা বিজেপিৰ সভাপতি, ৰাজ্যিক কাৰ্যনিৰ্বাহক কাৰ্তিক বড়োৱে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ প্ৰতি ক্ষোভিত হৈ বিজেপি এৰি বিপিএফত যোগদান কৰিছিল । তাৰ পিছতে তেওঁ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছিল আৰু অৱশেষত সাংসদ দিলীপ শইকীয়াই কাৰ্তিক বড়োৱে কৰা অভিযোগ খণ্ডন কৰিবলৈ ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত বুধবাৰে আয়োজন কৰে এই সংবাদমেলখনি ।

তেওঁলোকে দিয়া অভিযোগবোৰৰ কোনো ভিত্তি নাই, কোনো বাস্তৱতা নাই বুলি কৈ কাৰ্তিক বড়োৱে নিজৰ স্বাৰ্থ পূৰণ নোহোৱাৰ বাবে দল এৰি গৈছে বুলি মন্তব্য কৰে শইকীয়াই । এতিয়া প্ৰশ্ন হয় কোন হয় কাৰ্তিক বড়ো ? কি ইমান গণভিত্তি আছে তেওঁৰ যাৰ বাবে দিলীপ শইকীয়াই সংবাদ মেল আয়োজন কৰিব লগা হ'ল ? প্ৰকৃততে বিজেপিত খহনীয়া আৰম্ভ হৈছে নেকি, একনায়কত্ব চলিছে নেকি ? যাৰ বাবে দলত কোনো দিনে গুৰুত্ব নোপোৱা কাৰ্তিক বড়োৱে বিজেপি দল ত্যাগ কৰাৰ লগে লগে সংবাদমেল সম্বোধন কৰিব লগা হ'ল সাংসদ দিলীপ শইকীয়াই ?

লগতে পঢ়ক:Singer Trolukya Sonowal death: চিনাকী মাতটো আজি ৰুদ্ধ হৈ ৰ’ল; অজান দেশলৈ গ’ল গৈ ত্ৰৈলোক্য সোণোৱাল

ABOUT THE AUTHOR

...view details