ওদালগুৰি, 22 নৱেম্বৰঃ ওৰাঙৰ গেলাবিলত দুৰ্ঘটনা ৰোধৰ বাবে স্থানীয় ৰাইজৰ নাম কীৰ্ত্তন ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে নাম কীৰ্ত্তনৰ জৰিয়তে ৷ উল্লেখ্য যে, ওদালগুৰি জিলাৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ধাৰাবাহিক পথ দুৰ্ঘটনাত ম্ৰিয়মান হৈ পৰিছে ঘাইপথটোৰ দাতিকাষৰীয়া অঞ্চলৰ লোকসকল । ৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮ জন লোক। বিগত দুদিনতে পথটোত সংঘটিত হোৱা ধাৰাবাহিক দুৰ্ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বাস কৰা লোকসকল। ওৰাঙৰ গেলাবিলত পথ দুৰ্ঘটনাত বুধবাৰে ৮ জন লোকৰ মৃত্যু হোৱা স্থানতে শুকুৰবাৰে অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ নাম কীৰ্ত্তন কৰি দুৰ্ঘটনাত মৃত লোক সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পুনৰ দুৰ্ঘটনা সংঘটিত নোহোৱা কামনা কৰি প্ৰাৰ্থনা কৰে।
গেলাবিলত দুৰ্ঘটনা ৰোধ কৰিবলৈ নাম কীৰ্ত্তন - prayers for road accident victims at orang gelabil
৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮ জন লোক । বিগত দুদিনতে পথটোত সংঘটিত হোৱা ধাৰাবাহিক দুৰ্ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বাস কৰা লোকসকল ৷
আনহাতে,পথটোৰ সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ পথটো শীঘ্ৰে ৪ লেন যুক্ত পথলৈ উন্নীত কৰাৰ লগতে স্পীড্ ব্ৰেকাৰৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনাই অঞ্চলটোৰ লোকসকলে। ইপিনে ঘাইপথটোত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী প্ৰশাসন। আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ আৰু ৰোধ কৰাৰ বিষয়ে আগন্তুক ২৬ নৱেম্বৰত এখন বিশেষ সভাৰো আয়োজন কৰিছে বুলি জানিব পৰা গৈছে । এই সভাতে পথ দুৰ্ঘটনাৰ কাৰণ সমূহ বিশ্লেষণ কৰাৰ লগতে দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাৱধানতাৰ বিষয়ে আলোচনা কৰিব আৰক্ষীয়ে ।
লগতে পঢ়কঃ বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক