ওৰাং,5 নৱেম্বৰ:২০২১ চনৰ বিধানসভা নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ'ব প্ৰমীলা ৰাণী ব্ৰহ্মই । ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই শীঘ্ৰে যোগদান কৰিব নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীত ৷ মঙলবাৰে ওৰাঙত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই । আগন্তক বিটিএডি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টী ক্ষমতাত আহিলে হাগ্ৰামা মহিলাৰী কাৰাগাৰত সোমাব লাগিব বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰে ৷ সাংসদগৰাকীয়ে কয় - হাগ্ৰামা বাহিনীৰ দুৰ্নীতি, শোষণ আৰু ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈছে বিটিচিৰ ৰাইজ । যাৰবাবে ২০২০ ৰ বিটিচি নিৰ্বাচনত ক্ষমতালৈ আহিব গণ সুৰক্ষা পাৰ্টী ।
নৱ শৰণীয়াৰ দললৈ আহিব প্ৰমীলাৰাণী ব্ৰহ্ম !
ওৰাঙৰ সভাত নৱ শৰণীয়াৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য ৷ 2021 চনত গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচন খেলিব প্ৰমীলাৰাণী ব্ৰহ্মই ৷
বিপিএফ নেতাৰ ঘৰত হাজাৰ হাজাৰ অস্ত্ৰ মজুত থকাৰ কথা উল্লেখ কৰি তেওঁৰ উত্থানত শংকিত হৈ হাগ্ৰামা বাহিনীয়ে এইবোৰ ব্যৱহাৰ কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদগৰাকীয়ে ৷ ১৫ বছৰ বিটিচি দখল কৰা বিপিএফ দলৰ শিপা এডাল এডালকৈ সম্প্ৰতি ছিগি গৈ আছে বুলি কৈ আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পাচত বিপিএফৰ সকলো নেতাই গণ সুৰক্ষা পাৰ্টীত যোগদান কৰিব বুলিও মন্তব্য কৰে নৱ শৰণীয়াই । বিপিএফ নেতাৰ বাবে গণ সুৰক্ষা পাৰ্টীৰ দুৱাৰ খোলা আছে বুলি জনাই কৰাৰ লগতে সাংসদগৰাকীয়ে পাপক ঘিণ কৰিব লাগে,পাপীক নালাগে বুলিও উল্লেখ কৰে ৷ সংবাদমেলখনৰ জৰিয়তে নৱ শৰণীয়াই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো গণ সুৰক্ষা পাৰ্টিলৈ আমন্ত্ৰণ জনায় ৷
লগতে পঢ়ক:মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব এন জি অ'ক দিয়াৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ