অসম

assam

ETV Bharat / state

পানেৰীত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ - আমগুৰী-চিকাৰীবাঙাৰ পথ

ওদালগুৰিৰ আমগুৰিৰ মাজৰ চুবা গাঁৱৰ এটা পথৰ বাবে ৰাইজৰ হাহাকাৰ । দীৰ্ঘ দিন ধৰি পথটো নিৰ্মাণ নকৰাত নিজৰ গাঁঠিৰ ধন ভাঙি স্থানীয় ৰাইজে নিৰ্মাণ কৰিছে পথটো । পথটোৰ উন্নয়নত গুৰুত্ব নিদিলে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিক উচিত শিক্ষা দিয়াৰ হুংকাৰ গাঁওবাসীৰ ।

পানেৰীত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ

By

Published : Aug 18, 2019, 9:59 AM IST

ওদালগুৰি, 18 আগষ্টঃ পৰিৱৰ্তনকামী বিজেপি চৰকাৰ আৰু হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ বাস্তৱ ক্ষেত্ৰত যেন কোনো প্ৰভাৱ পৰা নাই বিটিচিৰ বিভিন্ন অঞ্চলত । উন্নয়নে ঢুকি নোপোৱা ওদালগুৰিৰ মাজৰ চুবা গাঁৱৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক৷ কেইবাবাৰো আবেদন কৰাৰ পিছতো স্থানীয় জনপ্ৰতিনিধিয়ে গাঁও বাসীৰ সমস্যাক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ । ফলত গাঁওখনৰ প্ৰতিঘৰ লোকৰ পৰা ৫০০ টকাকৈ তুলি ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিলে গাওঁখনৰ মাজেৰে যোৱা আমগুৰী-চিকাৰীবাঙাৰ পথটো।

পানেৰীত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ

আনহাতে দুখনকৈ চৰকাৰ থকাৰ পিছতো নিজৰ টকাৰে পথটো বনাব লগা হোৱাত ক্ষোভৰ সৃষ্টি হৈছে গাওঁবাসীৰ মাজত । অনাগত দিনত এই পথটোৰ উন্নয়নত গুৰুত্ব নিদিলে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিক উচিত শিক্ষা দিয়াৰো হুংকাৰ গাঁওবাসীৰ৷

ABOUT THE AUTHOR

...view details