অসম

assam

ETV Bharat / state

ওদালগুৰিৰ মাজবাটত বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান

কাণসাৰ নাই বিদ্যুৎ বিভাগৰ

বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান

By

Published : Mar 10, 2019, 10:22 PM IST

ওদালগুৰি, ১০ মাৰ্চ : ধোৱাচাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তন শ্ল'গান । ওদালগুৰিৰ অৰুণাচল সীমান্তৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌজনপুৰি গাঁৱত পৰিলক্ষিত হ'ল বিদ্যুৎ বিভাগৰ ফোঁপোলাস্বৰূপ । বাঁহৰ খুঁটাৰে গাঁওখনত চলিছে বিদ্যুৎ যোগানৰ কাম । যাৰ ফলত প্ৰতিটো সময়তে বিপদৰ আশংকাই খেদি ফুৰিছে গাঁওবাসীক ।

বাঁহৰ খুঁটাৰে চলিছে বিদ্যুতৰ যোগান
বিদ্যুতৰ পোহৰ নেদেখা গাঁওখনত ৭ বছৰ পূৰ্বে কেইবাখনো গাঁৱৰ লোকসকলে লগ লাগি ১৩ লাখ টকা ব্যয়েৰে ঠিকাদাৰৰ পৰা গ্ৰহণ কৰিছিল বিদ্যুৎ যোগান । কিন্তু ইয়াৰ পাচতো সম্পূৰ্ণৰূপে পকী খুঁটাৰে বিদ্যুতৰ যোগান ধৰা নহ'ল গাঁওখনত । যাৰ বাবে এনেদৰেই বিপদসংকূল অৱস্থাত বাঁহৰ খুঁটাৰ ওপৰেৰে চলিছে বিদ্যুৎ যোগান । সময় থাকোতেই যদি এই ক্ষেত্ৰত বিভাগটোৱে পকী খুঁটা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গাওঁখনত এই বাঁহৰ খুঁটাবোৰে যে বিপদ কঢ়িয়াই আনিব সেইয়া সহজে অনুমেয় ।

ABOUT THE AUTHOR

...view details