অসম

assam

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:43 PM IST

ETV Bharat / state

প্ৰকৃতিৰ ৰম্যভূমি বগামাটিত এতিয়া বনভোজকাৰীৰ ভিৰ

বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্যৰ ৰাণী বগামাটি ৷ প্ৰচণ্ড শীতকো নেওচি এতিয়া বগামাটিত ভিৰ বনভোজপ্ৰেমীৰ ৷ কৰ্মব্যস্ততাৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা দিন আনন্দৰে উদযাপন কৰাত ব্যস্ত সকলো ৷

Famous Picnic Spot in Baksa
প্ৰকৃতিৰ ৰম্যভূমি বগামাটিত এতিয়া বনভোজকাৰীৰ ভিৰ

প্ৰকৃতিৰ ৰম্যভূমি বগামাটিত এতিয়া বনভোজকাৰীৰ ভিৰ

ওদালগুৰি, ১৩ ডিচেম্বৰ: ডিচেম্বৰ মানেই হৈছে বনভোজৰ বতৰ ৷ সীমাহীন ব্যস্ততাৰ মাজতো অলপ সময়ৰ বাবে সকলো পাহৰি প্ৰকৃতিৰ নান্দনিক পৰিবেশৰ মাজত পৰিয়ালৰ লগত হাঁহি-ধেমালিৰে এসাজ একেলগে খোৱাৰ দিন৷ প্ৰচণ্ড শীতৰ মাজতো গছ-গছনি, পাহাৰ, কুলু-কুলু নদীৰে পৰিৱেষ্টিত, মন হৰি নিয়া বিশাল শিলাময় বুকু, শান্ত-সমাহিত নিৰিবিলি পৰিৱেশত বিবিধ চৰাইৰ বিননিৰ মাজত বিলীন হোৱাৰ সময় ৷ আৰু এই সুখকণ বিচাৰি এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীত ভিৰ কৰিছেহি বনভোজপ্ৰেমীয়ে ৷

এয়া হৈছে ৰাজ্যৰ বনভোজকাৰী দলবোৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বগামাটি ৷ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত-ভূটান সীমান্তৰ বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্য ৰাণী বগামাটি ৷ ভূটানৰ মৰচলা আৰু দীঘলাই নৈৰ মিলি বৰনদী নাম লৈ নামনিত আহি বগামাটিত কেইবাটাও ভাগত বিভক্ত হৈছে ৷ কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীৰ নিৰ্মল জলধাৰাত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে৷ ইয়াৰ পাহাৰত ট্ৰেকিং তথা পৰ্বতাৰোহণৰ সুবিধা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম আকৰ্ষণ ৷

উল্লেখ্য যে এসময়ত বগামাটিৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সুৰক্ষিত স্থান হিচাপে বদনাম আছিল । একালত আলফাৰ গুলী-বাৰুদ, বোমাৰ শব্দ প্ৰতিফলিত হৈছিল ইয়াত ৷ ভূটানত আলফাৰ বিৰুদ্ধে অপাৰেচন অল ক্লিয়াৰ চলাৰ সময়ত বগামাটিৰ পৰিৱেশ হৈ পৰিছিল অতি ভয়ংকৰ । কিন্তু এতিয়া ইয়াত শুনা যায় ঢোল, গীটাৰ, চিফুঙৰ সুৰ ৷ বগামাটি অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ সন্মিলিত প্ৰচেষ্টাত গঠন হোৱা দাওৰাঝাৰ ইক’ ট্যুৰিজিম ছ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বগামাটিৰ দায়িত্ব মূৰ পাতি লৈছে ৷

অসমৰ ভূ-স্বৰ্গ বগামাটি, হিমালয়ৰ ক’লা ভালুকৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তথা সৰীসৃপ, বৃক্ষ-গুল্ম-লতা জাতীয় মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত ৷ অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি দেখিবলৈ পোৱা যায় এই বগামাটিত ৷ গাহৰি মাংস পোৰাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলব্ধ হয় ইয়াত ৷ বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট ৷ এককথাত বছৰটোৰ শেষত তথা নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰকৃতিৰ কোলাত এদিন এসাঁজ খোৱাৰ হাবিয়াসেৰে অহা পৰ্যটকৰ বাবে যেন সকলোখিনি উজাৰি দিবলৈ সাজু প্ৰকৃতিৰাণী বগামাটি ।

লগতে পঢ়ক:গেলেকী দেওপানীত তৈলখাদৰ পৰা বিষাক্ত দ্ৰব্য নিৰ্গমনে মাতিছে বিপদ

ABOUT THE AUTHOR

...view details