অসম

assam

ETV Bharat / state

বেংবাৰীৰ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰত ৰাইজে লগালে তলা - বেংবাৰীৰ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰত ৰাইজে লগালে তলা

ওদালগুৰি জিলাৰ বেংবাৰীস্থিত হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত তলা লগাই ৰাইজৰ প্ৰতিবাদ ৷ কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমৰ বিৰুদ্ধে অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাইজে বৃহস্পতিবাৰে এইদৰে তলা লগাই দিয়ে ৷

হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰ বেংবাৰীত ৰাইজৰ তলা

By

Published : Nov 8, 2019, 5:34 AM IST

Updated : Nov 8, 2019, 8:18 AM IST

ওদালগুৰি, 7 নৱেম্বৰঃ ওদালগুৰি জিলাৰ বেংবাৰীত চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰত তলা লগাই ৰাইজৰ প্ৰতিবাদ ৷ বেংবাৰীত থকা অসম চৰকাৰৰ অধীনষ্ঠ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এইদৰে ৰাইজে তলা ওলোমাই দিয়ে ৷

হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰ বেংবাৰীত ৰাইজৰ তলা

লগতে পঢ়কঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

ঘটনা অনুসৰি, বৃহস্পতিবাৰে অৱসৰগ্ৰহণ কৰিবলগীয়া মুখ্য প্ৰশিক্ষকগৰাকীয়ে নিজৰ অৱসৰৰ পূৰ্বে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিভিন্ন সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে চৰকাৰে এটা নতুন ভৱন আবন্টন দিছিল ৷ তাৰ পিচতেই কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমে পুৰণি কেন্দ্ৰটো ভাঙি দি তাৰ সকলো সামগ্ৰী লৈ যায় ৷ প্ৰথম অৱস্থাত স্থানীয় ৰাইজে এয়া চৰকাৰী নিৰ্দেশনা বুলি ভাবিছিল যদিও কোনোধৰণৰ চৰকাৰী নিৰ্দেশনা অবিহনেই এইদৰে নিয়ম বৰ্হিভূতভাৱে কেন্দ্ৰটো ভাঙি দি তাৰ সকলো সামগ্ৰী নিজ গৃহলৈ লৈ যায় মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমে ৷

ইয়াৰ প্ৰতিবাদতে বৃহস্পতিবাৰে ৰাইজে কেন্দ্ৰটোত তলা ওলোমাই দিয়ে ৷ আনহাতে স্থানীয় ৰাইজৰ প্ৰতিবাদ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷

Last Updated : Nov 8, 2019, 8:18 AM IST

ABOUT THE AUTHOR

...view details