ওদালগুৰি, 14 মে': ওদালগুৰি জিলাৰ কলাইগাঁওৰ বৰপুখুৰীৰ এহাল দম্পতীয়ে জীৱনৰ বিয়লি বেলা কটাইছে, কদৰ্যময় পৰিৱেশেৰ মাজত থকা এটা জৰাজীৰ্ণ জুপুৰীত । দৰিদ্ৰতাৰ বাবেই সম্প্ৰতি সকলো ফালৰ পৰাই অৱহেলিত বৃদ্ধ দম্পতীহাল । এটা সময়ত সপৰিয়ালে এটি সুন্দৰ জীৱন অতিবাহিত কৰিছিল দম্পতীহালে । কিন্তু বৰ্তমান নৈৰ পাৰত এক কদৰ্যময় পৰিৱেশত বাস কৰিবলগীয়া হৈছে তেওঁলোকে ।
বৃদ্ধ দম্পতীৰ দুৰ্বিষহ জীৱন.. - বিশ্বনাথ চৌহান
এটা সময়ত সপৰিয়ালে এটি সুন্দৰ জীৱন অতিবাহিত কৰা এক দম্পতীয়ে সম্প্ৰতি কটাবলগীয়া হৈছে এটা দুৰ্বিসহ জীৱন । দম্পতীহালে জীৱনৰ বিয়লি বেলা কটাইছে, কদৰ্যময় পৰিৱেশেৰ মাজত থকা এটা জৰাজীৰ্ণ জুপুৰীত ।
এই দুৰ্ভগীয়া পতি-পত্নীহাল হৈছে বিশ্বনাথ চৌহান আৰু মনেশ্বৰী দেৱী । ইতিমধ্যে কাৱাদঙা নদীৰ খহনীয়াৰ কৰাল গ্ৰাসত জাহ গৈছে ৮০ বছৰীয়া দম্পতীহালৰ সৰ্বস্ব । এতিয়া এটা জৰাজীৰ্ণ জুপুৰিয়েই হৈ পৰিছে এওঁলোকৰ একমাত্ৰ সম্বল । এসাঁজ খাদ্য আৰু থাকিবলৈ এটা ঘৰৰ বাবে কৰা তেওঁলোকৰ হাহাকাৰৰ প্ৰতিচ্ছবি দেখিলে চকুলো নিগৰিব আপোনাৰো । উল্লেখ্য যে, হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সবকা সাথ সবকা বিকাশ শ্লগানৰ সময়তো, আজিলৈ এই দম্পতীহালক চুব পৰা নাই কোনো এখনো চৰকাৰী আঁচনিয়ে । যাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত । বৃদ্ধ দম্পতীহালৰ কাষত থিয় হৈ তেওঁলোকক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে কলাইগাঁও আছুৱে ।